
ঢেকীয়াজুলিঃ অসম গণ পৰিষদ দলৰ এগৰাকী জেষ্ঠ নেতা তথা বৰছলা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰফুল্ল গোস্বামীয়ে ২৯ অক্টোবৰৰ নিশা শেষ নিঃস্বাস ত্যাগ কৰে৷ দীৰ্ঘ দিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা গোস্বামীৰ ঢেকীয়াজুলি চহৰৰ নিজা বাসগৃহত মৃত্যুক সাৱতি লয়৷ মৃত্যুৰ বাতৰি পোৱাৰ পিচতেই অগনন গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ নেতা গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷
গোস্বামীয়ে ১৯৮৬ আৰু ১৯৯৬ চনত দুবাৰকৈ বৰছলাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাইজৰ সেৱা আগবঢ়াইছিল৷ বৰছলা সমষ্টিৰ বিহগুৰি মৌজাৰ ৰঙামাটিত জন্ম গ্ৰহণ কৰা গোস্বামীয়ে ছাত্ৰৱস্থাৰ পৰাই জাতিয়তাবাদী চিন্তা চেতনাৰে উদ্বুদ্ধ হৈ ৰাইজৰ হ’কে কাম কৰি আহিছিল৷
বিধায়ক হিচাপে সমষ্টিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাম কৰি ৰাইজৰ প্ৰিয় ভাজন হোৱা গোস্ৱামী সেই সময়ত অসম খাদী বৰ্ড, এল অ চি সদন সমিতিৰ অধ্যক্ষ আৰু বিধান সভাৰ লাইব্ৰেৰী সমিতিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ এগৰাকী সুদক্ষ খেলুৱৈ তথা অভিনেতা হিচাপেও ৰাইজৰ মাজত পৰিচিতি আছিল এই গৰাকী নেতা।
বৰছলাৰ বিধায়ক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচতেই শোণিতপুৰ জিলাৰ ভিতৰতে অতি পিচ পৰি থকা সমষ্টিটোত নিজা প্ৰচেষ্টাৰে বৰছলা আৰু বিহগুৰিত দুটাকৈ উন্নয়ন খণ্ডৰ কাৰ্যলয় স্থাপন কৰি সমষ্টিৰ উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছিল৷ এই গৰাকী বিধায়কৰ কাৰ্যকালতে সমষ্টিটোত পোন প্ৰথম বাৰৰ বাবে ২৫ কিলোমিটাৰ কেঁচাপথ পকীকৰণ কৰা হৈছিল ৷ সমষ্টিত কেইবাখনো শিক্ষানুস্থান প্ৰতিষ্ঠাত আগভাগ লোৱা গোস্বামী আছিল এগৰাকী সদা সচেতন ৰাজনীতিবিদ ৷
৮৫ বছৰ বয়সত মৃত্যুক সাৱতি লোৱা এই গৰাকী দলীয় জেষ্ঠ নেতাৰ অন্তিম বিদায় বেলাত অগপ দলৰ জেষ্ঠ নিতা তথা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্ৱামী, শোণিতপুৰ জিলা অগপৰ উপসভাপতি ৰাতুল নাথ, অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শিৱচৰণ চাহু , আইনবিদ তথা অগপৰ জ্যেষ্ঠ নেতা ধৰ্মেশ্বৰ শইকীয়া, বৰছলাৰ বৰ্তমানৰ বিধায়ক গণেশ লিম্বুৰ লগতে শতাধীক ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷