
কোকৰাঝাৰঃ বৰ্ণবৈষম্যৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে তথা ভাৰত-আফ্ৰিকাৰ সম্পৰ্ক মধুৰ কৰাৰ উদ্দেশ্যক সৰোগত কৰি মেঘালয়ৰ শ্বিলঙৰ পৰা কন্যাকুমাৰীলৈ প্ৰায় ৬৭০০ কিলোমিটাৰ পথ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰা কেনিয়ান নাগৰিক পিটাৰ গুগী ওৱা ওৱামবুই (Peter Ngugi Wa Wambui) সোমবাৰে কোকৰাঝাৰত উপস্থিত হয়।
শ্বিলঙৰ পৰা যোৱা ২৮ অক্টোবৰতে ৰাওনা হোৱা পিটাৰ এনগুগীয়ে গুৱাহাটী-গোৱালপাৰা-বঙাইগাঁও হৈ প্ৰৱল বৰষুণৰ মাজতে কোকৰাঝাৰত উপস্থিত হোৱাত পিটাৰ গুগীক বিটিএডি নাথ যোগী সন্মিলনী আৰু নাথ যোগী ছাত্ৰ সন্থাই বিপুল আদৰণি জনায়।

নাথ যোগী ছাত্ৰ সন্থাৰ এটি দলে পিটাৰ গুগীক ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই কোকৰাঝাৰলৈ আদৰি আনে। উল্লেখ্য যে প্ৰখ্যাত আইবিএমৰ চফ্টৱেৰ ইঞ্জিনিয়াৰৰ চাকৰি পৰিত্যাগ কৰি সমাজ আৰু ৰাষ্ট্ৰৰ হকে কাম কৰা পিটাৰ এনগুগীক বঙাইগাঁৱৰ চাইক্লিষ্টৰ চাৰিজনীয়া এটি দলে কোকৰাঝাৰ পৰ্যন্ত স্বইচ্ছাই আগবঢ়াই দিয়ে।
কোকৰাঝাৰত উপস্থিত হোৱাৰ পিছতে পিটাৰ এনগুগীয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰা মতে বৰ্ণবৈষম্যৰ বিৰুদ্ধে সজাগতা আনিবলৈ তেওঁ চাইকেলেৰে ১৮০ দিনত শ্বিলঙৰ পৰা কন্যাকুমাৰী হৈ দিল্লীত উপস্থিত হ’ব। সজাগতা অভিযানত তেওঁ ঠায়ে ঠায়ে পথ সভা, চেমিনাৰ আদিও অনুষ্ঠিত কৰিব বুলি মন্তব্য কৰিছে।

অসম আৰু মেঘালয়ত বৰ্ণবৈষম্য আছেনে বুলি সোধা এক প্ৰশ্নৰ উত্তৰ দি এক মিঠা হাঁহি মাৰি পিটাৰ এনগুগীয়ে অসম আৰু মেঘালয়ত বৰ্ণবৈষম্যৰ ভাৱ সমুলি নাই আৰু সেয়া তেওঁ নিজ চকুৰে দেখিছে আৰু হৃদয়েৰে বিশ্বাস কৰে বুল কয়। বৰং আতিথ্যপৰায়নতা আৰু সহায়ৰ মনোভাৱ তুলনাবিহীন বুলি মন্তব্যৰে অসমৰ আতিথ্যত মুগ্ধ হোৱা বুলি উল্লেখ কৰে পিটাৰ এনগুগীয়ে।
তেওঁ কয় যে চাইকেলেৰে পৰিভ্ৰমনৰ অন্তত তেওঁ যিখন কিতাপ লিখিব তাত অসমৰ বাবে দুটা সুকীয়া পৃষ্ঠা অন্তৰ্ভূক্ত কৰিব। মেঘালয়ৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে অসমৱাসীয়ে যি মৰম, আদৰ, চেনেহ, যত্নৰে তেওঁক আতিথ্য প্ৰদান কৰিছে সেয়া তেওঁ কাহানিও নাপাহৰে আৰু ভাৰতৰ এই আতিথ্যপৰায়ণতা তেওঁ কেনিয়ালৈ বহন কৰিব বুলি মন্তব্যৰে পিটাৰ এনগুগীয়ে ভাৰত-আফ্ৰিকাৰ মাজৰ সম্পৰ্ক সদায় মধুৰ হৈ থকাটো কামনা কৰে।

ভাৰত আৰু আফ্ৰিকাৰ মাজত শক্তিশালী বন্ধুত্বমুলক সম্পৰ্ক গঢ়াৰ উদ্দেশ্যেৰে ২০১৩ চনৰ ১৩ জুনত ভাৰতলৈ অহা পিটাৰ এনগুগীয়ে অসম আৰু মেঘালয়ত বৰ্ণগত বা গোষ্ঠীগত বৈষম্যমুলক সংঘাত নাই বুলি উল্লেখ কৰি তাৰ বাবে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে। মেঘালয়ৰ পৰা কন্যাকুমাৰীলৈ আৰম্ভ কৰা যাত্ৰাৰ পৰিসমাপ্তিৰ পিছত পুনৰাই ছয় মাহৰ ভিতৰত তেওঁ ১৪খন দেশ একেই উদ্দেশ্যৰে পৰিভ্ৰমন কৰিব বুলিও মন্তব্য কৰিছে পিটাৰ এনগুগীয়ে।
প্ৰণিধানযোগ্য যে পিটাৰ এনগুগীয়ে কাইলৈ অৰ্থাৎ ১ নৱেম্বৰত কোকৰাঝাৰৰ পৰা পুণৰাই নিজৰ লক্ষ্যপথেৰে ধাৱমান হব বৰ্ণবৈষম্যৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজলৈ। "পেডেল ফৰ পিচ" বাণীক সৰোগত কৰি বৰ্ণবৈষম্যৰ বিৰুদ্ধে আৰম্ভ কৰা তথা ভাৰত-আফ্ৰিকাৰ সম্পৰ্ক মধুৰ কৰি তোলাৰ উদ্দেশ্যৰে আৰম্ভ কৰা পিটাৰ এনগুগীৰ চাইকেল যাত্ৰা সফল হোৱাটোৱে ৰাজ্যবাসীয়ে কামনা কৰিছে।