
নগাঁওঃ অসুৰ বধ হ’ব নগাঁৱত৷ হত্যা-হিংসা-ধৰ্ষণ আদি ঘটনাই সৰ্বস্তৰৰ লোকক মানসিক ভাবে অশান্তি দি অহাৰ ফল স্বৰূপে অসুৰক বধ কৰি সমাজলৈ শান্তি ঘুৰাই আনিব নগঁৱৰ ৰাইজে৷ এক অশান্তময় পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বাধ্য কৰোৱাৰ সময়তে নগাঁও জিলাৰ গঞাৰাইজ এতিয়া সমাজৰ শান্তি বিনষ্টকাৰী অসুৰৰ নিধন যজ্ঞৰ বাবে কুচকাৱাজত ব্যস্ত থকা দেখা গৈছে ৷
সমাজৰ চৌপাশে অব্যাহত থকা অশান্তময় পৰিবেশে অতিষ্ঠ কৰি তোলা গঞাৰাইজ যেন সংঘবদ্ধ হৈছে অশান্তিৰ বীজ ৰোপনকাৰীসকলক নাশ কৰি শান্তিৰ বাট প্ৰশস্ত কৰিবলৈ৷ জিলাখনৰ গ্ৰামাঞ্চলৰ ৰাইজ সম্প্ৰতি যুদ্ধংদেহী মনোভাবেৰে নামি পৰিছে অসুৰ বধৰ আখৰাত ৷ বিগত এপষেক পূৰ্বৰে পৰা দুই-তিনিখন গাঁৱৰ ৰাইজ লগ হৈ অঞ্চলবোৰত থকা নামঘৰ, মন্দিৰ, স্কুল, ক্লাৱঘৰ আদিত কণ কণ শিশুৰ পৰা বৃদ্ধজনলৈকে সকলোয়ে একত্ৰে বিয়লিৰে পৰা দুভাগ নিশা পৰ্যন্ত চলোৱা অসুৰ বধৰ এনে আখৰাই গ্ৰামাঞ্চলবোৰত চৰম ব্যস্ততামুখৰ পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷
সকলোৰে যেন লক্ষ্য এটাই বৰ্তমান সময়ত সমাজত বিভীষিকাময় পৰিবেশৰ উদ্ভৱ ঘটোৱা অসুৰবোৰক নিধন কৰাৰ ৷ পুৰুষসকলৰ সমানে সমানে কূট-কৌশল ৰছনাত ব্যস্ত হৈ পৰিছে মহিলাসকলো ৷ মুঠৰ ওপৰত শিশু, ডেকা-গাভৰুকে ধৰি বয়োজ্যেষ্ঠজনলৈকে কাৰোয়েই যেন অলপো আহৰি নাই ৷ হয়, এনে এক পৰিবেশেই গ্ৰামাঞ্চলবোৰত বিৰাজমান হৈছে আগন্তুক ৰাস উৎসৱৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ৷ কিয়নো, প্ৰতি বছৰৰ দৰেই এইবেলিও ৰাস উৎসৱত বিভিন্ন কাৰ্যসূচীৰ লগতে নিশাৰ ভাগত অসমীয়া ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে ৷
সেয়ে ৰাস উৎসৱৰ আয়োজনৰ দিহা কৰা গ্ৰামাঞ্চলবোৰত চলিছে অসমীয়া ভাওনাক কেন্দ্ৰ কৰি গঞাৰাইজৰ এনে সীমাহীন তৎপৰতা ৷ সকলো সমানে ওলাই আহি ব্যাপক ৰূপত অব্যাহত ৰাখিছে বালী বধ, বকাসুৰ বধ, দাতা কৰ্ণ, ৰাৱণ বধ, বৃত্ৰাসুৰ বধ, কালীয় দমন, দুঃশাসনৰ ৰক্তপান, শকুনিৰ প্ৰতিশোধ আদিকে ধৰি বিভিন্ন নামৰ অসমীয়া ভাওনাৰ প্ৰয়োজনীয় আখৰাত ৷
যাৰ পৰিণতিত এতিয়া গ্ৰামাঞ্চলবোৰৰ আকাশ-বতাহ আবেলি হোৱাৰে পৰা খোল-তাল-ডবা-নাগাৰা তথা ব্ৰজাৱলী ভাষাৰ কাব্যিক বচনেৰে মুখৰিত হৈ পৰিছে ৷ স্মৰ্তব্য যে, শাৰদীয় পূৰ্ণিমাৰ মৃদু সিক্ততাৰ মাজত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতি বছৰে বেছ ওলহ-মালহেৰে উদযাপন কৰি অহা হৈছে ৰাস মহোৎসৱ ৷ শৰৎ কালৰ এই মন-প্ৰাণ মতলীয়া কৰা এই সময়ছোৱাত পৃথকে পৃথকে অঞ্চল ভেদে কেইবাদিনো ধৰি অনুষ্ঠিত কৰা ৰাস মহোৎসৱত আন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি নাট-ওনাই বিশেষ উল্লেখযোগ্য ভূমিকা গ্ৰহন কৰি আহিছে৷