
নাজিৰাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ জিলাৰ নাজিৰাত৷ কেন্দ্ৰীয় চৰকাৰে NSCN (IM)ৰ সৈতে ৰূপায়ণ কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰা, অসমৰ মাটি নাগালিমক দিবলৈ কৰা ষড়যন্ত্ৰ বাতিৰ কৰা আৰু সীমান্তত নগাই কৰা অত্যাচাৰৰ বুৰুদ্ধে সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
কেইবা শতাধিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে চুক্তি বাতিল কৰাৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ৰিতুমণি হাজৰিকা আৰু সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন আৰু মানস দত্তৰ নেতৃত্বত শিমলুগুৰিৰ পৰা নাজিৰা লৈকে সমদল কৰি মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হয়।
ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰক, নৰেন্দ্ৰ মোদী হুছিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে আকাশ বতাহ কপাই তোলে। প্ৰতিবাদী সমদলত উপস্থিত থাকে গণ মুক্তি সংগ্ৰামৰ অসমৰ আহ্বায়ক ল্যু-চুন শ্যাম গোঁহাই আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মানস কোঁৱৰে। দুই ঘণ্টা ধৰি মহকুমাধিপতি কাৰ্যালয় ঘেৰাও কৰা পাছত প্ৰতিবাদকাৰীসকলে তিনিদফীয়া দাবী সম্বলিত এক স্মাৰক মহকুমাধিপতীক প্ৰদান কৰে৷