
তুলসীবাৰীঃ ৰঙিয়াৰ ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় পথত শনিবাৰে নিশা অগ্নিদগ্ধ অৱস্থাত সন্দেহজনক ভাবে মহেশ শীল(৩০) নামৰ এজন যুৱক জন উদ্ধাৰ হোৱাৰ কিছু সময় পিছতে মৃত্যুক আকোৱালি ৰয়৷ এই ঘটনাৰ পিছতে উত্তেজনা অব্যাহত আছে অঞ্চলটোত৷
কিয়নো একাংশ লোকে মহেশক আক্ৰমণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে৷ শেহতীয়াভাৱে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা কিছু তথ্য-প্ৰমাণে সমগ্ৰ দুৰ্ঘটনাটোক ৰহস্যৰ মাজত সোমাই পৰিছে। দুৰ্ঘটনাস্থলীত বাইকৰ লগতে বাইক আৰোহী জ্বলি যোৱা, বাইকৰ তেলৰ টেংকিৰ সাঁফৰ খুলি থকা, হেলমেট অক্ষত অৱস্থাত থকা, ঘটনাস্থলীৰ কিছুমান তথ্যই সমগ্ৰ দুৰ্ঘটনাটোক পৰিকল্পিত হত্যাকাণ্ড বুলি ভাবিবলৈ বাধ্য কৰিছে৷
ৰঙিয়াৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে শনিবাৰে কৰ্তব্য সম্পাদন কৰি গৃহাভিমুখে বাইকেৰে আহি থকা সময়ত গড়ভিতৰ বালাগাঁৱত ৰহস্যজনকভাৱে দুৰ্ঘটনাত পতিত হয়৷ কিছু সময় পাছতে ঘটনাস্থলীত অগ্নি দগ্ধ অবস্থাত ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিত্সাৰ ব্যবস্থা কৰে যদিও এজন অপৰিচিত টেট শিক্ষকে মানৱতাৰ নিদৰ্শন দাঙি ধৰি উন্নত চিকিত্সাৰ লক্ষ্যৰে জিএমচিলৈ নিয়াৰ পথত অকাল মৃত্যুক সাবটি লয়৷
মহেশৰ পৰিয়াল তথা স্থীনীয় লোকে এই দুৰ্ঘটনাক সহজ ভাবে নলৈ পৰিকল্পিত হত্যাকাণ্ডৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰে৷ আৰক্ষীয়েও অভিযোগৰ ভিত্তিত সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে পৰিয়াল তথা কিছুলোকৰ সাক্ষ্য গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে৷ পৰিয়ালটোৰ উপাৰ্জন কাৰী পুত্ৰৰ মৃত্যুত দিশহাৰা হৈ পৰিছে অভাগিনী মাতৃগৰাকী৷ যদিহে নীৰব ঘাটকে পৰিকল্পিত হত্যাকাণ্ড সংঘটিত কৰি মাতৃৰ বুকু শুদা কৰি মহেশৰ প্ৰাণ অকালতে কাঢ়ি নিছে তেন্তে নিৰ্বিঘ্নে হত্যাকাৰী মুকলি আকাশৰ তলত বিচৰণ কৰি ফুৰিব নেকি? সম্প্ৰতি এনে প্ৰশ্নই চৰ্চা লাভ কৰিছে অঞ্চল বাসীৰ মনত?