
ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াত মঙলবাৰৰ পুৱাই তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী ছাত্ৰ সহিতে দুজন লোকৰ মৃত্যু হোৱাৰ পিছতে ৰঙিয়া চহৰৰ সমীপৰ কৰৰাত ৰাইজ উত্তেজিত হৈ পৰে।
ফলত ডাম্পাৰত আক্ৰমণ কৰাৰ লগতে ডাম্পাৰৰ চালকক আক্ৰমণ কৰাত উত্তেজনাৰ সৃষ্টি হয়৷ ৰঙিয়া চহৰৰ সমীপৰ কৰৰাত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত দুৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, ছাত্ৰ সহিতে পথেৰে আহি থকা এখন স্কুটিত ডাম্পাৰ খনে খুন্দা মাৰে৷
ফলত ৰঙিয়া তুলসীবাৰীৰ মাহতলিৰ নিৰ্মল কলিতা (তুলতল) (১৭) আৰু গান্ধীবাৰীৰ ৰাজীৱ কলিতাৰ থিতাতে মৃত্যু হয়৷ আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতে উত্তেজিত ৰাইজে ডাম্পাৰ খনৰ চালক আয়েজুল হ'কক প্ৰহাৰ কৰা ফলত জিএনআৰচিত ভৰ্তি কৰিব লগা হয়৷
পিছত উত্তেজিত ৰাইজে ডাম্পাৰ খনত অগ্নি সংযোগ কৰি পথটো অৱৰোধ কৰে। ৰঙিয়া চহৰত একাংশ ঠিকাদাৰ-ব্যৱসায়ীৰ ডাম্পাৰে অতপালিৰ সৃষ্টি কৰি আহিছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ সময়ে সময়ে এনেদৰে দুৰ্ঘটনা সংঘটিত হৈ বহু মানুহৰ প্ৰাণ গৈ আহিছে৷