
শিৱসাগৰঃ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাত৷ জানিব পৰা মতে, শিৱসাগৰ চহৰৰ সমীপৰ পোনজান অালি নামৰ ঠাইত এটি পুলৰ দাতিত উদ্ধাৰ হয় পাৰবিন বেগম নামৰ মহিলা এগৰাকীৰ মৃতদেহ।
জেইনউদ্দিন অালিৰ পত্নী পাৰবিনে নিশা অাহাৰ গ্ৰহণ কৰি স্বামীৰ সৈতে একেটা কোঠাতে শুই পৰে৷ একেটা কোঠাতে শুই থকা স্বামীয়ে পুৱা সাৰ পাই দেখে বিছনাত পত্নী পাৰবিন নাই৷ স্বামীৰ সন্দেহ ওপজাত বিচাৰ-খোচাৰ কৰে যদিও পত্নীক বিছাৰি পাবলৈ সক্ষম নহয়৷
কিছু সময় পিছতে পাৰবিনৰ মৃতদেহ ঘৰৰ পৰা কিছু নিলগৰ পোনজান অালিত পথৰ দাতিত পৰি থকা অৱস্থাত উদ্ধাৰ হয়৷ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে শিৱসাগৰত৷ এয়া পৰিকল্পিত হত্যাকাণ্ড বুলিও চৰ্চা হৈছে৷ স্বামীৰ সৈতে একেলগে শুই থকা পত্নীয়ে কেনেদৰে কোঠাৰ পৰা ওলাই গ’ল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷ ঘটনা সন্দৰ্ভত শিৱসাগৰ অাৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷