
বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান নগৰৰ শুকানজানস্থিত শ্ৰীশ্ৰী শংকৰ-মাধৱ মিলনজ্যোতি নামঘৰ প্ৰাংগণত অহা ২৫ নবেম্বৰ পৰা ০২ ডিচেম্বৰ বিস্তিত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অখণ্ড ভাগৱত পাঠ৷ শ্ৰীমদ্ভাগৱত শাস্ত্ৰ মহাপ্ৰভু গোবিন্দৰ বাংময় মূৰ্তি স্বৰূপ৷ ভগবৎ শাস্ত্ৰ শ্ৰৱণ, পঠন অথবা দৰ্শন কৰিলে মনুষ্য জীৱন সাৰ্থক হয়৷
উত্তম শাস্ত্ৰৰ অমৃতোপম ৰসতত্ত্ব পান কৰাৰ লক্ষ্যৰে তথা ঐক্য, শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ মহান উদ্দেশ্য সাৰোগত কৰি অনুপম শাস্ত্ৰ শ্ৰৱণ কৰাৰ মানসেৰে বোকাজান আঞ্চলিক অখণ্ড ভাগৱত পাঠ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ব ভাগৱত পাঠ৷ কাৰ্যাসূচী অনুসৰি ২৫ নবেম্বৰৰ পুৱা ৫.৩০ বজাত প্ৰাতঃপ্ৰসঙ্গ, ৭ বজাত ভাগৱত প্ৰদক্ষিণৰ পাছত ৯ বজাত ভাগৱত প্ৰতিষ্ঠা কৰিব চাৰিঙৰ বিজয় মাহৰা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামীয়ে৷
পুৱা ১০ বজাত নামপ্ৰসংগৰ পাছতেই ভাগৱত পাঠ আৰম্ভ হ'ব আৰু এই অখণ্ড ভাগৱত পাঠ ০২ ডিচেম্বৰলৈ চলিব৷ অন্তিম দিনা পুৱা ১০ বজাত ভাগৱত পাঠ সমাপন আৰু ভাগৱত ভ্ৰমণ তথা নামপ্ৰসংগ আৰু সবহুৱা নামেৰে অখণ্ড ভাগৱত পাঠভাগিৰ সামৰণি পৰিব৷ পৱিত্ৰ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি অন্তিম দিনা ০২ ডিচেম্বৰৰ নিশা ৮ বজাত বোকাজান নগৰৰ কৃষ্ণ নগৰৰ বাসিন্দা চন্দ্ৰ শইকীয়া আৰু তেওৰ পৰিয়ালে আগবঢ়োৱা তথা স্থানীয় বোকাজান সন্মিলিত সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা শিৱসাগৰ জিলাৰ দিখৌমুখৰ বায়ন সীমান্ত শইকীয়াৰ পৰিচালনাত "অম্বা হৰণ" ভাওনা প্ৰদৰ্শন কৰা হ'ব৷
উল্লেখ্য যে, গণেশ লেখাৰু (যোৰহাট), লীলা গোহাঁই (গোলাঘাট), তৰুণ শইকীয়া (ফৰকাটিং), পৱিত্ৰ ভূঞা (শলগুৰি) আৰু অনন্ত বৰা (গৌৰীসাগৰ)ক এই সাতদিনীয়া অখণ্ড ভাগৱত পাঠত মূল পাঠেকী হিচাপে আমন্ত্ৰণ জনোৱা বুলি জানিবলৈ দিয়ে বোকাজান আঞ্চলিক অখণ্ড ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতি খগেন বৰগোহাঁই, কাৰ্যকৰী সভাপতি ৰুবুল দিহিঙ্গীয়াৰ লগতে যুটীয়া সম্পাদকদ্বয় ৰাজু হাজৰিকা আৰু ৰাজীৱ বুঢ়াগোহাঁয়ে৷