কোকিলাত শুৰপোক জাগিছে শুই আছে অতুল বৰাৰ বিভাগ

কোকিলাঃ নামনি অসমৰ কেইবাখনো জিলাত শুৰ পোকৰ তাণ্ডৱ অব্যাহত আছে৷ নামনি অসমৰ গেঁৰ ধৰা তথা পক ধৰা বহু খেতি পথাৰ অনিষ্ট কৰা পৰিলক্ষিত হৈছে শুৰপোকে৷ বঙাইগাঁৱৰ অভয়াপুৰীত কৃষি পথাৰ নষ্ট কৰাৰ লগতে মানিকপুৰ অঞ্চলতো শুৰপোকে খেতি পথাৰ অনিষ্ট কৰা বুলি জানিব পৰা গৈছে৷ ধানখেতিত চৰহা পোক নামৰ কাঁইটীয়া গুৱৰুৱা জাতীয় মাৰাত্মক কীটে পথাৰৰ দুখ লগা অৱস্থাৰ পৰিবেশৰ সৃষ্টি কৰে৷ ধানৰ গছবোৰ হালধীয়া পৰাৰ লগতে জহি গৈছে৷

ফলত কৃষিৰ উৎপাদন কমি আহিছে৷ তাৰ মাজতে চৰহা পোকৰ এনে তাণ্ডৱৰ ফলত গেঁৰ ধৰা ধান নষ্ট হৈ গৈছে৷ সাধাৰণতে কঠিয়া নতুবা কোমল ধানৰ পাতত এনে পোকে আক্ৰমণ কৰে যদিও এইবেলি শোৰপোকে গেঁৰ ধৰা তথা কাটিবলৈ সময় হোৱা ধানত আক্ৰমণ কৰাত খেতিয়কৰ মাজত হাহাকাৰ লাগে৷ বাৰিষাৰ কালছোৱা প্ৰলয়ংকাৰী বানপানীৰ পিছত অতি কষ্টৰে কঠিয়া কিনি খেতি কৰা খেতিয়কসকলক শুৰপোকে ব্যাপক ক্ষতি কৰে৷ মানিকপুৰৰ ফেউৰাখোৱা অঞ্চলত খেতি পথাৰত শুৰপোকে সন্ত্ৰাস চলােৱাৰ ফলত দিশহাৰা হৈ পৰিছে কৃষক।

প্ৰলয়ংকাৰী বানৰ পিছত কৃষকে মুৰৰ ঘাম মাটিত পেলাই শালিধানৰ খেতি কৰিছিল যদিও পোকৰ উপদ্ৰৱত মুৰে কপালে হাত দিবলগীয়া হৈছে। সাধাৰণতে বিঘাই প্ৰতি ১০/১৫ মোন ধান উৎপাদন হয়। কিন্তু শুৰপোকে পক ধৰা শিহ নষ্ট কৰাত যথেষ্ট ক্ষতিৰ সন্মুখীন হয়। ইতিমধ্যে পকা ধান সম্পূৰ্ণ নষ্ট হোৱাত কৃষক মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ধাননি পথাৰ পোকৰ পৰা ৰক্ষা পাবলৈ কৃষক সকলে বজাৰৰ পৰা কিনি আনি ঔষধ ব্যৱহাৰ কৰিছে যদিও সুফল পোৱা নাই। বিশেষকৈ নিশা এই পোক সমূহ জাকে জাকেৱ পোকে ধান গছত পৰি শিহ কাটি পেলায় বুলি কৃষকে অভিযোগ কৰে।