মূখ্যমন্ত্ৰীৰ সংহতি দৌৰ, অতিষ্ট সাধাৰণ জনতা

গুৱাহাটীঃ  আধুনিক ভাৰতৰ নিৰ্মাতা লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তীত উপলক্ষে মঙলবাৰে পূৱা শান্তি বাৰ্তা প্ৰেৰণ আৰু সংহতি ৰক্ষাৰ বাবে মূখ্যমন্ত্ৰী সৰ্বনন্দ সোনোৱালে উলিয়ায় ‘একতাৰ দৌৰ’৷ য’ত অংশ গ্ৰহন কৰে মূখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকীও মন্ত্ৰী আমোলা আৰু ভিআইপিয়ে৷

মানুহৰ মাজত একতা ৰক্ষাৰ বাবে যুঁজ দি অহা লৌহ মানৱ পেটেলৰ স্মৃতি ৰক্ষাৰ বাবে উলিওৱা দৌৰ সকলো জনসাধাৰণৰ বাবে আছিল কিন্তু শেষত হয়গৈ কেৱল ভিআইপি সকলৰ হে৷ কিন্তু জন্মজয়ন্তী উপলক্ষে শান্তি তথা সংহতি ৰক্ষাৰ বাবে উলিওৱা এই একতাৰ দৌৰ মন্ত্ৰী আমোলাৰ কাৰণে সন্মানৰ কথা হ’লেও সাধাৰণ জনতাৰ বাবে হৈ পৰে মূৰৰ কামোৰণি৷

মন্ত্ৰী আমোলা দৌৰৰ বাবে গোটেই পথ বন্ধ কৰি দিয়াৰ ফলত মাজ পথতে আবদ্ধ হৈ পৰে বিদ্যালয়, কাৰ্যালয় আৰু অইন অইন কামলৈ ওলাই অহা লোক সকল৷ পিছলৈ প্ৰায়ভাগ মানুহেই ক্ষোভ উজাৰে মূখ্যমন্ত্ৰীৰ এই কামত৷