বৰপথাৰত ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত প্ৰতিবাদ

বৰপথাৰঃ মঙলবাৰে ধনশিৰি মহকুমাত ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠনৰ এনএচচিএন আইএমৰ সৈতে ৰূপায়ণ কৰা ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷

হাতে হাতে জোঁৰ লৈ অসম আৰু অসমীয়াৰ জীৱন সম্পতি সু-নিশ্চীত কৰাৰ লগতে অসমৰ ভূমি ৰক্ষা কৰাৰ দাবীত কেইবা শতাধিক লোকে ৰাজ পথলৈ ওলাই আহে৷

ধনশিৰি মহকুমা আছুৱে জোঁৰ সমদল কাযসূচী ৰূপায়ন কৰি কেইবা শতাধিক আছু সদস্যই সৰুপথাৰৰ আকাশ বতাহ কপাই তোলে। কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ হৈ ৰাজু ফুকন, মনোৱাৰ হুচেইন উপস্থিত থাকে।