
বটদ্ৰৱা/ধিংঃ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ৰাজ্যপাল ৰূপে নিযুক্তি দিয়া জগদীশ মুখীয়ে মঙলবাৰে দৰ্শণ কৰে শ্ৰীশ্ৰী বটদ্ৰৱা থান৷ দুপৰীয়া ভাগত সপত্নী ৰাজ্যপালগৰাকী মহাপুৰুষ গুৰুজনাৰ জন্মস্থানত উপস্থিত হয়৷ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ জাপি বাটচ'ৰাৰ পৰা থান পৰিচালনা সমিতিৰ বিষয়ববীয়া সমন্বিতে ভকতসৱে ৰাজ্যখনৰ সাংবিধানিক মূৰব্বীগৰাকীক আদৰনি জনায় থানলৈ আগুৱাই নিয়ে৷
সম্পূৰ্ণ জাতীয় সাজ পাৰ পৰিধান কৰি ৰাজ্যপাল মুখীয়ে বটদ্ৰৱা থানৰ কীৰ্তনঘৰত প্ৰৱেশ কৰি গুৰু আসনত সেৱা নিবেদন কৰে৷ থানৰ মুল আতৈগৰাকীয়ে নৱ নিযুক্ত ৰাজ্যপালগৰাকীক আৰ্শীবাদ প্ৰদান কৰি নিৰ্মালী আগবঢ়ায়৷ ইয়াৰ পিছতে থানৰ সভা কক্ষত পৰিচালনা সমিতিয়ে ৰাজ্যপাল জগদীশ মূখী আৰু তেখেতৰ পত্নীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷
নগাঁও জিলা উপায়ুক্ত চমচেৰ সিঙে নৱ নিযুক্ত সাংবিধানিক মূৰব্বীগৰাকীক সংগ দি অসমীয়া সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই আগবঢ়োৱা অৱদান সম্পৰ্কে বিশদভাৱে অৱগত কৰে ৷ জিলা উপায়ুক্ত সিঙৰ মুখেৰে গুৰুজনাৰ লগতে দ্বিতীয় বৈকুন্ঠ সন্দৰ্ভত বিতং ভাৱে অবগত হৈ ৰাজ্যপালগৰাকী অভিভূত হৈ পৰে৷ প্ৰায় ডেৰ ঘন্টা গুৰুজনাৰ জন্মস্থানৰ পৱিত্ৰ ভূমিত অতিবাহিত কৰা ৰাজ্যপাল মুখীয়ে মহাপুৰুষজনাৰ স্মৃতি বিজড়িত পৱিত্ৰ স্থানসমূহ দৰ্শণ কৰি বটদ্ৰৱাক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহন কৰাৰ আশ্বাস প্ৰদান কৰে৷