প্ৰিয় নাথ ব্ৰহ্মৰ আদ্যশ্ৰাদ্ধ সম্পন্ন, ‘বিসম্বি’ উন্মোচন তৰেন বড়োৰ

কোকৰাঝাৰঃ বিশিষ্ট সমাজকৰ্মী, কোকৰাঝাৰ বড়ো সাহিত্য সভাৰ প্ৰাক্তন-উপসভাপতি, বিনেশ্বৰ ব্ৰহ্ম ন্যাসৰ সদস্য তথা অসম গ্ৰামীন বিকাশ বেংকৰ প্ৰৱন্ধক প্ৰিয়নাথ ব্ৰহ্মৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই "বিসম্বি" নামৰ স্মৰণিকা উন্মোচন কৰে।

উল্লেখ্য যে যোৱা ২১ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন অৱস্থাতে প্ৰিয়নাথ ব্ৰহ্মই মৃত্যুবৰণ কৰিছিল। বড়ো সাহিত্য সভাৰ আজীৱন সদস্য প্ৰিয়নাথ ব্ৰহ্মই মৃত্যুৰ পূৰ্বে পত্নী, এগৰাকী কন্যা আৰু দুই পুত্ৰৰ লগতে অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।

মৃত্যুৰ পূৰ্বে দুখনকৈ কিতাপ ৰচনা কৰা প্ৰিয়নাথ ব্ৰহ্মই ৰেলৱে ষ্টেছনত বড়ো ভাষাত সূচী ঘোষণা কৰিবলৈ পোণ প্ৰথমে দাবী উত্থাপন কৰিছিল আৰু সেয়া পিছত কোকৰাঝাৰ ৰেলৱে ষ্টেছনত কাৰ্যকাৰী হৈছিল। মঙলবাৰে অনুষ্ঠিত হোৱা আদ্ৰশ্ৰাদ্ধ অনুষ্ঠানত বড়ো সাহিত্য সভা, এবছু, আবৌফ আদিকে ধৰি কেবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰে।