
চামগুৰিঃ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত৷ পুৰণিগুদামৰ স্বেচ্ছাসেৱী, সাংস্কৃতিক অনুষ্ঠান ‘অবিনশ্বৰ গোষ্ঠী’ আৰু ‘কুবেৰ অবিনশ্বৰ’ৰ উদ্যোগত পালন কৰা হ’ব সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস৷
স্থানীয় ড০ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত অহা পাঁচ নবেম্বৰত অনুষ্ঠিত হ'বলগীয়া স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি সন্ধ্যা ৫ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু ৫-৩০ বজাত "কুবেৰ অবিনশ্বৰ শিল্পী বঁটা" প্ৰদান কৰিব যশস্বী অভিনেতা, পৰিচালক, সংগঠক তথা সমাজকৰ্মী সমুদ্ৰ বৰদলৈক৷
বঁটা প্ৰদান অনুষ্ঠানৰ পাছতেই ৰুদ্ৰ বৰুৱা সংগীত একাডেমীৰ শিল্পী আৰু বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা পৰিবেশন কৰা হ'ব এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান৷ অবিনশ্বৰ গোষ্ঠীৰ সম্পাদক দীপক বৰা, কুবেৰ অবিনশ্বৰৰ সভাপতি, সম্পাদক ক্ৰমে ৰঞ্জন তামুলী আৰু প্ৰণৱ বৰঠাকুৰে সমুহ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগ উপস্থিতি কামনা কৰিছে৷