
তুলসীবাৰী/ৰঙিয়াঃ সদৌ অসম ভ্ৰাম্যমান থিয়েটাৰ প্ৰযোজক সন্থাই প্ৰয়াত ৰবীন নেওগৰ স্মৃতি বিজড়িত আশীৰ্বাদ থিয়েটাৰ বৰ্জন কৰাত ৰভিয়াত প্ৰতিক্ৰিয়াৰ সৃৃষ্টি হয়৷ বুধবাৰে ৰঙিয়া প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় এখন বিশেষ সভা৷ সভাত ভ্ৰাম্যমান থিয়েটাৰ প্ৰযোজক সন্থাক ওভতি ধৰে প্ৰযোজক সৌৰভ গোস্বামীয়ে।
কোনো ধৰনৰ আত্মপক্ষ ৰখাৰ সুযোগ নিদি, সম্পূৰ্ণ একপক্ষীয় ভাবে আশীৰ্বাদ থিয়েটাৰক বৰ্জন কৰা বুলি ৰঙিয়া প্ৰেছ ক্লাৱৰ সভাকক্ষত বিভিন্ন দল-সংগঠন, আৰু ৰঙিয়াৰ নাট্যকৰ্মীৰ উপস্থিতিত অনুষ্ঠিত সভাত সদৰী কৰে উদিয়মান প্ৰযোজকগৰাকীয়ে।
সমাজকৰ্মী বংশীধৰ কলিতাৰ সঞ্চালনা অনুষ্ঠিত সভাত ঐতিহ্যমণ্ডিত ৰঙিয়াৰ পৰা প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমান থিয়েটাৰখনে আত্ম প্ৰকাশ কৰিছিল বুলি গৌৰৱৰ বিষয় বুলি বক্তাসকলে অভিহিত কৰে৷ সভাত মুস্তাফা কামাল আহমেদ, চন্দন দাসৰ লগতে ৰঙিয়াৰ নাট্যক্ষেত্ৰত জড়িত কেবাগৰাকী নাট্যকৰ্মীৰ লগতে নটৰাজ নাট্য গোষ্ঠী, আছু, গৰিয়া যুৱ-ছাত্ৰ পৰিষদ আদি দল সংগঠনৰ নেতৃবৃন্দই প্ৰযোজক সন্থাক সিদ্ধান্ত পুনৰ বিবেচনা কৰি ইতিবাচক পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায়।