তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, অপকৰ্ম কৰি হত্যা কৰাৰ সন্দেহ

ঢেকীয়াজুলিঃ জংঘলত পৰি ৰৈছে এটি কণমানি কিশোৰৰ মৃতদেহ। যি দৃশ্য চকুৰে চাব নোৱাৰি নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। তৃতীয় শ্ৰেণীৰ ছাত্ৰই কাৰ ক্ষতি কৰিছিল। কাৰোবাৰ সৈতে শত্ৰুতা কৰিব জানিছিল নে। তথাপিও তেওক নৃশংস ভাবে হত্যা কৰা হ'ল। 

মানুহ কিমান তললৈ নামিব পাৰে? মানুহৰ অন্তৰ কিমান কঠিন পাৰে৷ গীতাত লিখাৰ দৰে কলি যুগত মানুহে মানুহক মাৰি শেষ কৰিব, সচাই সেই শেষ সময় আহিল নেকি৷ অন্তিম সময় আহিল বাবেই একাংশ নৰ হত্যাকাৰীয়ে পাহৰি গ’ল নেকি সকলো।

পাহৰি গ’ল নিজৰেই শৈশৱৰ কথা৷ নিজৰ শৈশৱকাল কোনো ভয়, চিন্তা ভাৱনা নোহোৱাকে পাৰ কৰা একাংশ লোক এতিয়া দস্যু হৈ পৰিছে। আজিৰ শিশুক নিৰ্ভয়ে জীয়াই থাকিবলৈ দিয়াৰ বিপৰীয়ে তেওলোকক আক্ৰমণ কৰাৰ লক্ষ্য কৰি লৈছে ৷ অবুজ শিশু হঁতৰ ওপৰত চলা নিৰ্যাতনৰ খবক প্ৰতিদিনে প্ৰচাৰ হৈ থকাৰ মাজতে ঢেকীয়াজুলিত সংঘটিত হ'ল হৃদয় বিদাৰক ঘটনা ৷

তৃতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি ঢেকীয়াজুলি চাহ বাগিচাৰ চিৰাজুলি লাইনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মুন্না কাৰ্মকাৰ নামৰ ছাত্ৰজনক যৌন নিৰ্যাতন চলাই, দিঙি চেপি নৃশংস ভাবে হত্যা কৰাৰ সন্দেহ কৰে স্থানীয় ৰাইজে৷

সোমবাৰে বিদ্যালয় চুটি হোৱাৰ পাছত মুন্না কৰ্মকাৰ নামৰ ছাত্রজনে নিজ ঘৰ অভিমুখে আহি থকা অৱস্থাত কোনো  আদ বয়সীয়া এজন লোকে ছাত্রগৰাকীক চাইকেলত উঠাই লৈ যোৱা বিদ্যালয়ৰ অইন ছাত্- ছাত্রীয়ে দেখা পাইছিল বুলি জানিব পৰা গৈছে ৷ তাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছিল ছাত্র গৰাকী৷

চাহ বাগিচাৰ মাজত কণমানিটোৰ উলংগ মৃতদেহ উদ্ধাৰ হয়৷ ছাত্ৰ গৰাকীক চাইকেলত উঠাই নিয়া কোন আছিল সেইজন পাষান লোক৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷  ছাত্র গৰাকীৰ লগত কুকৰ্ম কৰি অৱশেষত ধৰা পৰাৰ ভয়ত কাপোৰেৰে দিঙি চেপি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷