
চৰাইদেউঃ ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান যিমানে নিদিয়ক কিয় দেশৰ বিভিন্ন প্ৰান্তক ডিজিটেল ব্যৱস্থাই আজিও সামৰি লবলৈ সক্ষম হোৱা নাই৷ ডিজিটেল ইণ্ডিয়াৰ জোৱাৰ আৰম্ভ কৰিবলৈ মুলত যোগাযোগ ব্যৱস্থাৰ উন্নয়ণ হ’বই লাগিব৷ বিশেষকৈ মোবাইল সেৱা, ইন্টাৰ ব্যৱস্থাৰ উন্নয়ণ অবিহনে ডিজিটেল ব্যৱস্থা সম্ভৱ নহয়৷
দেশৰ আন প্ৰান্তত নালাগে আমাৰ ৰাজ্যখনৰ বিভিন্ন ঠাইত আজিও ২-জি নেটৱৰ্কে ভালদৰে পাবলৈ সক্ষম নহয়৷ মানুহে নেটৱৰ্ক পাবলৈ ঘৰৰ বাহিৰলৈ নতুবা পথাৰৰ মাজলৈ যাব লগা হয়৷ দেশত ডিজিটেল ব্যৱস্থাৰ ব্যাপক প্ৰচাৰৰ সময়তে ৩-জি, ৪-জি নালাগে ২-জি নেটৱৰ্কৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হৈছে৷ শেহতীয়াকৈ চৰাইদেউ জিলাৰ সোণাৰিৰ বাহঁবাৰীত এয়াৰটেলৰৰ নিম্নমানৰ সেৱাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৰাইজ৷
বাহঁবাৰীত এয়াৰ টেলৰ গ্ৰাহকৰ নেটৱৰ্ক প্ৰায়ে আহ-যাহ কৰি থকাত প্ৰায়ে সমস্যাত পৰে শ শ গ্ৰাহক৷ মোবাইলত টাৱাৰৰ লাভ কৰি থকাৰ সংকেত পোৱাৰ পিছতো নেটৱৰ্কে কাম নিদিয়াৰো অভিযোগ কৰে একাংশ লোকে৷ তাৰ মাজতে বৃহস্পতিবাৰে টাই আহোম যুৱ পৰিষদে এয়াৰটেলৰ টাৱাৰৰ গেটত তলা ওলোমাই এয়ালটেলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। টাইপাৰ পূৱ-অভয়পুৰ আঞ্চলিক সমিতিৰ উদ্যোগত চৰাইদেউ জিলা সমিতিৰ সহযোগত নিম্ন মানৰ সেৱা প্ৰদান কৰি অহা বাহঁবাৰীৰ Airtelৰ টাৱাৰত তলা ওলোমাই দিয়ে৷ সংগঠনটোৰ নেতাই টাৱাৰৰ বাবে বাঁহ গছত উঠিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰে টাৱাৰৰ সমস্যা সমাধান নকৰিলে তলা ওলমি থাকিব বুলি কয়৷