
শিৱসাগৰঃ শিৱসগাৰ জিলাৰ বিভিন্ন ঠাইত ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই পৰিলক্ষিত হৈছে৷ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাতো ৰাসৰ প্ৰস্ততি সম্পূৰ্ণ হোৱা পৰিলক্ষিত হৈছে। শিৱসাগৰৰ নগৰৰ সমীপৰ জয়সাগৰৰ পৰাগধৰ চলিহা খেলপথাৰত ২৪খন গাঁৱৰ ৰাইজে দুদিনীয়া বিস্তৃত কাৰ্যসুচীয়ে ৰাস উদযাপন কৰিব।
৩নৱেম্বৰত পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলনৰ লগতে সন্ধিয়া ৭বজাত শিৱসাগৰ জিলা উন্নয়ন অায়ুক্ত অভিজিত বৰুৱাই উন্মোচন কৰিব "পাঞ্চজন্য" নামৰ স্মৃতিগ্ৰন্থ। স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব জিলা অতিৰিক্ত উপায়ুক্ত দেৱাশীষ শৰ্মাই৷ নিশা ৮বজাৰ পৰা শ্ৰীকৃষ্ণ ৰাসলীলা প্ৰদৰ্শন হব। দ্বিতীয় দিনা নিশা ৮বজাত মহাৰাস অাৰু কংসবধ ভাওনা প্ৰৰ্দশন কৰা হ’ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।
অানহাতে শিৱসাগৰ নগৰৰ ষ্টেছন চাৰিঅালিটো দুদিনীয়া কাৰ্যসুচীৰে, শালমৰীয়াৰ শ্ৰীশ্ৰী বিষ্ণু প্ৰভূ অাৰতি অাই থানত ৩ নৱেম্বৰত এদিনীয়া কাৰ্যসুচীৰে শ্ৰীশ্ৰী কৃষ্ণ ৰাস উদযাপন কৰব হ’ব বুলি জানিব পৰা গৈছে। পুৱা বন্তি প্ৰজ্বলন, ভাগৱত ভ্ৰমণ সন্ধিয়া ৬ বজাৰ পৰা শঙ্কৰী নৃত্য অাৰু দশঅৱতাৰ নৃত্যৰ লগতে নিশা ৯বজাৰ পৰা প্ৰদৰ্শন হব শ্ৰীশ্ৰী কৃষ্ণ দ্বিতীয় ৰাসলীলা৷ জিলাখনৰ ঢুলিয়াপাৰ, গৌৰীসাগৰৰ ফুলপানীছিগা, বেজগাঁও, নামদাং শিলৰসাঁকো, দিখৌমুখ, নামতিৰ লগতে চাৰিঙতো ৬দিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে ৰাস উদযাপন কৰা হ’ব৷