পথ নিৰ্মাণৰ শুভাৰম্ভ কৰিলে সাংসদ ৰমেন ডেকাই

দলংঘাটঃ বাংলাদেশীৰ ভয়ত ৰমেন ডেকাৰ লোকসভা সমষ্টিৰ পৰা থলুৱা লোকে পলায়ণ কৰিব লগা হৈছে বুলি দাবী কৰাৰ পিছতে বৃহস্পতিবাৰে সমষ্টিত উপস্থিত হয় সাংসদগৰাকীয়ে৷ বিজেপিৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই মঙলদৈক বাংলাদেশী মুক্ত কৰিব নোৱাৰিলেও সংবাদ মাধ্যমত হলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্বাচনৰ প্ৰচাৰ চলাই।

কিন্তু বৃহস্পতি বাৰে পথ নিৰ্মাণৰ উদ্বোধন কৰাৰ বাবে উপস্থিত হয় সমষ্টিত৷ ভুড়াৰগ গাওঁ পঞ্চায়তৰ অন্তৰ্গত মংঙলদৈ মাজিকুছি পথৰ সমলা বাঘৰবাৰী চ'কৰ পৰা বালীপোতা সংযোগী পথৰ শুভাৰম্ভ কৰে সাংসদগৰাকীয়ে

প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ’ব পথটো। পথটোৰ নিৰ্মাণে দেওমৰনৈ, বালিপোতা সংযোগী পথটোৰে অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী সকলৰ লগতে পথচাৰীৰ বহু দিনৰ অভাৱ দূৰ হ'ব বুলি কব পাৰি। ৷