
জোনাইঃ ৫০ বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল শিক্ষাবিদ প্ৰয়াত টকাব চন্দ্ৰ মেদকে৷ ঐতিহ্যমণ্ডিত জোনাই মুৰ্কংচেলেক অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষাবিদ টকাব চন্দ্ৰ মেদকক বৃহস্পতিবাৰে স্মৰণ কৰে ৰাইজে। টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যসৰ উদ্যোগত বৃহস্পতিবাৰে বিশষ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷
জোনাইৰ জ্যেষ্ঠ নাগৰিক দুৰ্গা ৰেগনে বন্তি প্ৰজ্বলনেৰে কাৰ্যসুচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সম্বর্ধনা, স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান উদ্ধোধন কৰে জোনাই মহকুমাৰ মহকুমাধিপতি যাদব পেগুৱে। ‘সামাজিক মাধ্যমৰ গুৰুত্ব ছাত্ৰ ছাত্ৰী সমাজত ইয়াৰ প্ৰভাৱ’ শীৰ্ষক বিষয়ত স্মাৰক বক্তৃতা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে আমাৰ অসমৰ লখিমপুৰ সংস্কৰণৰ তত্ত্বাৱধায়ক লেখক সাংবাদিক শৈলেন বৰুৱাই৷
ধেমাজিৰ উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটিয়ে শিক্ষাবিদ প্ৰয়াত টকাব চন্দ্ৰ মেদকক অসম অৰুণাচল সীমান্তৱৰ্ত্তী অঞ্চলক শিক্ষাৰ পোহৰেৰে আলোকিত কৰা বাটকটীয়া বুলি কয়৷ তেওঁৰ চিন্তাধাৰাৰ বাবেই অসম অৰুণাচলৰ সীমান্ত অঞ্চল তথা তাহানিৰ নেফাৰ লোকসকলে শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷ ২০০০ চনৰ ২ নৱেম্বৰত মৃত্যুবৰণ কৰিছিল বিশিষ্ট শিক্ষাবিদ টকাব চন্দ্ৰ মেদকে৷
২০১৫ চনত টাকাব চন্দ্ৰ মেদকৰ স্মৃতি ন্যাস গঠন কৰা হয়। তেতিয়াৰ পৰাই ধেমাজি জিলাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনোৱাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। প্ৰতি বছৰ ২ নৱেম্বৰত শিক্ষাবিদ টকাব চন্দ্ৰ মেদকৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাত ধেমাজি জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা চাৰি গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জ্ঞাপন কৰা হয়।
এইবেলি খ্ৰীষ্ট কিং হাইস্কুলৰ প্ৰিয়াংশু পেৰমে, ধেমাজি মহাবিদ্যালয়ৰ মিতুশ্ৰী শইকীয়া, চিলাপথাৰ কনিষ্ট মহাবিদ্যালয়ৰ লেখৰা শৰ্মা আৰু জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ পংকজ পাৰিকক নগত দহ হাজাৰ টকা আৰু মানপত্ৰৰে সম্বর্ধনা জনাই ন্যাসে। স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে ধেমাজি জিলাৰ উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটি, মিছিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়া, কাৰ্যবাহী সদস্য ৰাজু মেদক, জহান দলে, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্ৰৰঞ্জন বসুমতাৰী, টি এম পি কেৰ কেন্দ্ৰীয় সভাপতি নৰেশ কুম্বাঙৰ লগতে বহুগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।