যাত্ৰীবাহী বাছৰ খুন্দা, শিমলুগুৰিত চাইকেল চলাই অহা যুৱতীৰ মৃত্যু

প্ৰতিকী ফটো
প্ৰতিকী ফটো

শিমলুগুৰিঃ পথ দুৰ্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যু হোৱাত উত্তেজনাৰ সৃষ্টি হয় শিৱসাগৰৰ শিমলুগুৰিত৷

জানিব পৰা মতে, জিলাখনৰ শিমলুগুৰিৰ গড়মূৰত চাইকেলেৰে পথেৰে আহি থকা এগৰাকী যুৱতীক তীব্ৰ বেগত অহা এখন পৰিবহন নিগমৰ যাত্ৰীবাহী বাছে খুন্দা মাৰে৷

ফলত যুৱতীগৰাকীৰ মৃত্যু হয়৷ যুৱতীগৰাকীৰ মৃতদেহ বৰ্তমানেও একাংশ লোকে বগা কাপোৰৰে ঢাকি পথতে ৰাখি থয়৷ যুৱতীগৰাকীক এতিয়ালৈ চিনাক্ত কৰিব পৰা হোৱা নাই৷ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰাৰ লগতে চালকক আটক কৰে।