
নগৰবেৰাঃ শুকুৰবাৰে সদৌ অসম সংখ্যালঘু ছাএ ইউনিয়নৰ দক্ষিণ বৰপেটা জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয়৷ আলোপতি-মাজৰচৰ বজাৰ প্ৰাংগনত জিলা আমছুৰ সভাপতি আজিজুল হকৰ সভাতিত্বত অনুষ্ঠিত সভাত বৰপেটা জিলা আমছুৰ নতুন সমিতি গঠন কৰা হয়।
আবু বক্কাৰ ছিদ্দিকক সভাপতি, নুৰ আলম আৰু জবান আলী সাধাৰণ সম্পাদক, নবীৰ মোল্লা, ওমৰ আলী, আমিনুল ইছলাম, ইকবাল হুছাইন, ইমদাদুল হক ফকিৰক উপ-সভাপতি হিচাপে লৈ মুঠ ২৭ জনীয়া সমিতি খন গঠন কৰা হয়।
সভাত কামৰূপ জিলা আপকুৰ সভাপতি আবুল কালাম আজাদ, লুইতপৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা আব্দুল ওৱাহাব, আলোপতি-মাজৰচৰ বজাৰ সমিতিৰ সভাপতি নৌসাদ আলী বেপাৰী, আমছুৰ কেন্দ্ৰীয় নেতা সাইফুদ্দিন আহমেদ উপস্থিত থাকে৷