সপোন পূৰণ কৰিলে বিধায়িকা আঙুৰলতাই

জাজৰিঃ ৰাইজৰ দীৰ্ঘদিনিয়া সপোন পূৰণ কৰিলে বিধায়িকা আঙুৰলতা ডেকাই৷ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা তথা গাড়ী-মটৰ আহ-যাহ কৰিব পৰা পৰিবেশ নথকা এটি পথ ৰাইজে নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছিল৷ তাৰ মাজতে শুকুৰবাৰে বিধায়িকা আঙুৰলতা ডেকাই পথটো নিৰ্মাণৰ শুভাৰম্ভ কৰি ৰাইজৰ সপোন পূৰণ কৰে৷

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ তথা নগাঁও গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলৰ অন্তৰ্গত জাজৰি-চাবুকধৰা পথ নিৰ্ম‍ণৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই। ২০১৭-১৮ বৰ্ষৰ অসম ৰাজ্যিক পথ মেৰামতি পুঁজিৰে ৩ কিঃ মিঃ দৈৰ্ঘৰ পথটোৰ কামৰ শুভাৰম্ভ কৰি বিধায়িকা ডেকাই কয় বটদ্ৰৱাৰ গ্ৰাম্য পথৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে আঁচনি হাতত লোৱা বুলি কয়।

বিগত দিনত কংগ্ৰেছ চৰকাৰৰ দিনত বিধায়কগৰাকীয়ে চৰম দুৰ্নীতিৰ বাহিৰে সমষ্টিটোৰ উন্নয়নত গুৰুত্বই নিদিয়া বুলিও অভিযোগ ফত্থাপন কৰে ডেকাই৷ ৰাইজে আশীৰ্বাদ কৰক পৰবৰ্তী দিনত বটদ্ৰৱাৰ উন্নয়ন নিশ্চয় হ’ব। শুভাৰম্ভণী অনুস্থানত কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক আকাশ দীপ ডেকা, কলিয়াবৰ জিলা যুৱ মৰ্চাৰ উপ-সভাপতি কুলদীপ বৰা, দলংঘাট মণ্ডল বিজেপিৰ সভাপতি যজ্ঞেশ্বৰ বৰা, বিজেপি নেতা তপন শইকীয়া, নগাঁও গড়কাপ্তানি বিভাগৰ বিষয়া দেৱজিৎ মজুমদাৰ, কাৰ্যবাহী অভিযন্তা শশীমোহন নাথ উপস্থিত থাকে।