
কামপুৰঃ বানপানী, গৰাখহনীয়া ৰাজ্য খনৰ বাবে ভয়াবহ সমস্যা৷ এই বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি৷ কিন্তু শাসনৰ গাডী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া দলীয় বিসম্বাদ তথা হিন্দু-মুছলমানক লৈ ব্যস্ত হৈ পৰিছে৷
তাৰ মাজতে কপিলী নৈয়ে শ-শ পৰিয়ালক কন্দুৱাইছে যদিও খবৰ লবলৈ আহৰি নাই চৰকাৰৰ৷ কপিলীৰ তাণ্ডৱৰ বাবে তুপুনি হৰিছে শ-শ লোকৰ৷ নগাঁও জিলাৰ কামপুৰত কপিলীয়ে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বকুলগুৰিত নিশাৰ পৰাই কপিলী নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে। যাৰ ফলত কামপুৰ পশ্চিম কাৰ্বি আংলং সংযোগী পথত খহাই নিয়াৰ ফলত যাতায়ত বন্ধ হৈ পৰ।
যি কোনো মুহূৰ্ততে পথটো কপিলী নৈত জাহ যোৱাৰ উপক্ৰম হৈছে। নিশাৰ ভিতৰতে ৭০শতাংশ কপিলী নৈত জাহ যোৱাৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। ইমানৰ পিছতো স্থানীয় বিধায়ক তথা প্ৰশসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ জলসম্পদ বিভাগ একপ্ৰকাৰ কুম্ভকৰ্ণ নিদ্ৰাত আছে। বৰ্তমানলৈকে বিভাগীয়া লোক উপস্থিত হোৱা নাই ঘটনাস্থলীত।
ইফালে মুখ্যমন্ত্ৰী গুড বুকত স্থান পোৱা বিধায়ক ডিম্বশ্বৰ দাসে কেইডালমান বাঁহেৰে খহনীয়া ৰোধৰ চেষ্টা চলাইছিল যদিও সকলো কপিলী নৈত জাহ যায়। শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে গাঁৱৰ মাজেৰে কপিলী নৈ বৈ যোৱাটো নিশ্চিত হৈ পৰিছে।