আছুৰ দখলত দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়

দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয় ছাত্ৰ একতা সভা আছুই দখল কৰিবলৈ সক্ষম হয়৷ শুৰকুৰবাৰে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আটাইকেইটা পদতে আছুৰ সমৰ্থিত প্ৰাৰ্থী জয়ী হয়।

ছাত্ৰ একতা সভাৰ উপ-সভাপতি পদত ভৈৰৱ কুমাৰ নাথ, সাধাৰণ সম্পাদকত অৰূপ কলিতা, সহঃ সম্পাদকত কংকন ডেকা, সাংস্কৃতিক সম্পাদকত অপুৰ্ব শৰ্মা, খেল সম্পাদকত ৰূপজ্যোতি ডেকা, সাহিত্য সম্পাদকত অভিজিৎ শইকীয়া, সাহিত্য সম্পাদকত ধীৰাজ ডেকা, খেল সম্পাদকত জগদীশ কলিতা, প্ৰচাৰ সম্পাদকত উজ্বল ডেকা, আলোচনী বিভাগত বিতুপন দাস, সমাজসেৱা বিভাগত মিন্টু মনি শৰ্মাই জয় লাভ কৰ ।

ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থী সকলক দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আদৰণি যাচে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই।