বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন

নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বছৰ প্ৰথম সংখ্যা প্ৰাচীৰ পত্ৰিকা শুকুৰবাৰে উন্মোচন কৰা হয়। বিষয় শিক্ষক ৰমেশ কলিতাই আঁত ধৰা উন্মোচনী সভাত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰতিবিম্ব কাকতৰ সম্পাদক তফিক উদ্দিন আহমেদে প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে আৰু বিশিষ্ট অতিথি হিচাপে নিউজ নেচনৰ অসমৰ হেড কিৰণ কুমাৰ গগৈ উপস্থিত থাকে ।

প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি সাংবাদিক আহমেদে অসমৰ সাহিত্য সংস্কৃতি বৰ্তমান বিপদাপন্ন বুলি উল্লেখ কৰি ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক মাতৃভাষাত সাহিত্য চৰ্চা কৰিবলৈ আহ্বান জনাই। বন্ধ হৈ থকা বিদ্যালয়খনৰ বাৰ্ষিক মুখপাত্ৰখন প্ৰাচীৰ পত্ৰিকাখন নতুনকৈ নিজা খৰচত প্ৰকাশ কৰাৰ দায়িত্ব গ্ৰহণ কৰে।

আনগৰাকী অতিথি কিৰণ কুমাৰ গগৈয়ে ভাষণত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সাহিত্য চৰ্চাৰ বাবে উপযুক্ত মঞ্চৰ ব্যৱস্থা কৰা হ'ব বুলি কোৱাৰ লগতে বিদ্যালয়ৰ বাৰ্ষিক আলোচনীখন প্ৰকাশত সহযোগিতা কৰিব বুলি সদৰি কৰে। প্ৰাচীৰ পত্ৰিকাখনৰ তত্বাৱধায়কৰ দায়িত্বত বিষয় শিক্ষক ঘনেশ্যম কলিতা থকাৰ লগতে চি আৰ চি চি মন্তু ডেকা, শিক্ষক মকছেদ আলী, বিষ্ণু তালুকদাৰ, চামচুল আলী, হাচনাৰা মাহমুদা, সৰবৰহী যুৱক ৰবীন ডেকা উপস্থিত থাকে।