
মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত এগৰাকী লোকক আঘাত কৰি ৫০ হাজাৰ টকা লুটি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ সমৰ দাস নামৰ ব্যৱসায়ীগৰাকীয়ে মোৰাঝাৰ বজাৰৰ পৰা বান্দৰমেলাৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত ডকাইতি কৰে দুৰ্বৃত্তই৷
দুৰ্বৃত্তই সমৰ দাসক বেয়াকৈ আঘাত কৰাত আহত হয়৷ সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে একাংশ লোকে। হাতত বন্দুক আৰু ডেগাৰ লৈ পুৰ্বৰ পৰা খাপ পিটি আছিল ডকাইতৰ দলটোৱে৷