
অভয়াপুৰীঃ সমাজত প্ৰতিদিনে সংঘটিত হ’ব ধৰিছে মানৱ সমাজক লজ্জানত কৰা ঘটনা৷ যিবোৰ ঘটনাৰ চৰ্চা কৰিবলৈ চিন্তা কৰিব লগা হয়৷ সংবাদ মাধ্যমেও অনিচ্ছা সত্বেও এনেবোৰ খবৰ প্ৰকাশ কৰিব লগা হয়৷ বিশেষকৈ ৰাজ্যত সংঘটিত হৈ অহা যৌন নিৰ্যাতনৰ ঘটনাই সমাজক লজ্জানত কৰি আহিছে৷ একাংশ লোকৰ নিকৃষ্ট মানসিকতাৰ বাবে প্ৰতিদিনে এনেবোৰ ঘটনাৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰিছে৷
তাৰ মাজতে বঙাইগাঁও জিলাৰ অভয়াপুৰীত এইবাৰ যৌন নিৰ্যাতনৰ বলি হ’ল এগৰাকী মূকবধিৰ কিশোৰী৷ শনিবাৰে মুখেৰে মাতিব নোৱাৰে এগৰাকী মূকবধিৰ ছাত্ৰীক দুজন যুৱকে ধৰ্ষণ কৰিব বিছাৰিছিল বুলি উকা কাগজত লিখি দিয়া ঘটনাই সভা সমাজক আকৌ এবাৰ লজ্জানত কৰে৷ এই অভিযোগ উত্থাপন হোৱাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।
সমাজৰ প্ৰতি খন ঘৰত মহিলা আছে৷ মহিলাক আমি সন্মান কৰো৷ কিন্তু সমাজৰ একাংশ লোকে মহিলাক প্ৰতিদিনে কৰি অহা ব্যৱহাৰে চিন্তিত কৰি তুলিছে সকলোকে৷ জানিব পৰা মতে, বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৰ জিটকীবাৰী ভেৰভেৰী টিলাৰ এগৰাকী মূকবধিৰ কিশোৰীয়ে বিদ্যালয় চুটি দিয়াৰ পিছত ঘৰলৈ আহি আছিল৷ স্থানীয় এখন বিদ্যালয়ৰ সচেতন নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে বিয়লি ঘৰলৈ ওভটাৰ পথত একেখন গাঁৱৰে দিলীপ দাস আৰু সুনীল দাসক পথত লগ পায়৷
বাইকত অহা যুৱক দুজনে বাইক ৰখাই কিশোৰীগৰাকীক বেয়া ব্যৱহাৰ কৰে৷ কেৱল ইমানে নহয় দুই যুৱকে ছাত্ৰীগৰাকীক চোকা অস্ত্ৰ দেখুৱাই ভাবুকি দি বলপূৰ্বক মটৰ চাইকেলত উঠাই নিব খোজে৷ মুখেৰে মাতিব নোৱাৰে ছাত্ৰীগৰাকীক অৱশেষত ধৰ্ষণৰ চেষ্টা চলাই৷ কিন্তু যুৱতীগৰাকীয়ে কৌশলেৰে দুই যুৱকৰ কবলৰ পৰা মুক্ত হৈ দৌৰি দৌৰি এগৰাকী বান্ধৱীৰ ঘৰত আশ্ৰয় লয়।
আনহাতে ছাত্ৰীগৰাকী বহু সময়লৈকে বিদ্যালয়ৰ পৰা ঘৰলৈ ওভটি নহাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে৷ কিশোৰীগৰাকীক বিচাৰি বিদ্যালয়খনত উপস্থিত হয় পৰিয়ালৰ লোক৷ ভয়-শংকাত বান্ধৱীৰ ঘৰত আশ্ৰয় লৈ থকা কিশোৰীগৰাকীক বান্ধৱীৰ ঘৰৰ পৰা উদ্ধাৰ কৰে পৰিয়ালে৷ পৰিয়ালৰ লোকক আকাৰে ইংগিতে সকলো কথা অৱগত কৰাৰ লগতে উকা কাগজত লিখি দিয়ে সমস্ত ঘটনা৷
সুনীল আৰু দিলীপ নামৰ দুই যুৱকে অপকৰ্ম কৰিব বিছৰা বুলি কয়৷ ছাত্ৰীগৰাকীক অপহৰণ চেষ্টা কৰাৰ লগতে ধৰ্ষণৰ চেষ্টা চলোৱাৰ কথা অৱগত হোৱাৰ পিছতে পৰিয়ালৰ লোকে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ ঘটনাটোৱে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজে দুই যুৱকক আটক কৰি কঠোৰ শান্তিৰ বিহাৰ দাবী জনায়৷