গোৰেশ্বৰত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, আঞ্চলিক ৰাসৰ দ্বিতীয় দিন

গোৰেশ্বৰঃ শুকুৰবাৰৰ পৰা ব্যাপক উলাহ-মালহেৰে আৰম্ভ হৈছে গোৰেশ্বৰৰ ৰাস মহোৎসৱ৷ ভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি গোৰেশ্বৰত ৰাস মহোৎসৱ উপলক্ষে শনিবাৰে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। দিনৰ এঘাৰ বজাত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই উদ্ধোধন কৰে সাংস্কৃতিক শোভাযাত্ৰাৰ।

সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰি দায়া ভাষণত এনে ধৰণৰ উৎসৱে সমগ্ৰ অসমীয়া জাতিক সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰাখি সমাজখনক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। জাতি জনগোষ্ঠীৰ মিলনভূমি গোৰেশ্বৰত ৰং বিৰঙী ফুলৰ বাগিচাৰ দৰে সমাজখনো জাতিস্কাৰ হৈ থাকিব বুলি কামনা কৰে বিধায়কজনে। সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷

শংকৰী কৃষ্টি, খেৰাই নৃত্য, কোচ ৰাজবংশী কুশান নৃত্য, শৰণীয়া কছাৰী কৃষ্টি দল, বেংগলী কৃষ্টি, আয়তী নাম, চাওতালী নৃত্য, নেপালী কৃষ্টি, বিহু দল আদি পৰাম্পৰাগত নৃত্যৰ জীপাল হয় গোৰেশ্বৰৰ বাকৰি। সাংস্কৃতিক শোভাযাত্ৰাই গোৰেশ্বৰত জাতি-জনগোষ্ঠীৰ মাজত থকা সমন্বয়ক প্ৰতিফলিত কৰে। শোভাযাত্ৰাত বাক্সা জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ, কেবাটাও আত্মসহায়ক গোট, শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, বেণ্ডপাৰ্টী, ষট পূজা সমিতি আদিয়েও অংশ গ্ৰহণ কৰে।