
আমগুৰিঃ চুবুৰীয়া ৰাজ্যৰ এম্বুলেঞ্চ দাদা৷ হয়, চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ জলপাইগুৰিৰ এম্বুলঞ্চ দাদা কৰিমুলৰ কথাকে কৈছো৷ আপুনি নিশ্চয় এম্বুলেঞ্চ দাদা কৰিমুলৰ নাম শুনিছে৷ এম্বুলেঞ্চ দাদা এলা, পেচা মানুহ নহয়৷ দাদাক মানুহে ভগৱান বুলি কয়৷ হয়, তেও দৰিদ্ৰ-শ্ৰমিক পৰিয়ালৰ বাবে ভগৱান৷ নিৰক্ষৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান কৰিমুল হ’ক৷ কৰিমুলে দৰিদ্ৰ পৰিয়ালটোৰ বাবে সৰুৰে পৰা চাহ বাগিচাত কাম কৰিব লগা হয়৷ এদিন তেওৰ মাতৃৰ হঠাৎ বেমাৰত পৰে৷ তেও মৰমৰ মাতৃক চিকিৎসালয়লৈ নিবৰ বাবে বহু চেষ্টা কৰিলে৷ এখন গাড়ী-বাইক বিছাৰি হায়ৰাণ হ’ল৷
কিন্তু মাতৃক চিকিৎসালয়লৈ নিবলৈ তেও কোনো বাহন বিছাৰি নাপালে৷ যাৰ ফলত তেওৰ মাতৃৰ মৃত্যু হয়৷ মাতৃৰ বিনাচিকিৎসাই মৃত্যু হোৱাৰ ঘটনাই কৰিমুলক বৰকৈ আঘাত দিছিল৷ কৰিমুলে মনৰ মাজতে থিৰাং কৰিছিল কিবা এটা কৰাৰ বাবে৷ তাৰ মাজতে তেওৰ বন্ধু আজিজুল এদিন তেওৰ সন্মুখতে বাকৰিত পৰি আঘাত পায় ছটফটাবলৈ ধৰে৷ লগে লগে কৰিমুলে প্ৰায় ৫০ কিঃ মিঃ অতিক্ৰম কৰি বন্ধু আজিজুলক চিকিৎসালয়ত ভৰ্তি কৰে৷ তাৰ পিছতে তেও এটা কথা থিৰাং কৰিলে তেওৰ অঞ্চলত কোনো লোকে বিনা চিকিৎসাই মৃত্যু বৰণ কৰিব নালাগিব৷
কৰিমুলে টকা ধাৰত লৈ এখন বাইক আৰু এটি মোবাইল ক্ৰয় কৰে৷ প্ৰথমাৱস্থাত কৰিমুলে ঘৰৰ ওচৰৰ দুই এগৰাকী লোকক বেমাৰ-আজাৰ হলে বাইক খনেৰে চিকিৎসালয়লৈ নিয়ে৷ লাহে লাহে এই খবৰ ব্যাপক হাৰত প্ৰচাৰ হবলৈ ধৰে৷ কৰিমুলৰ মোবাইল নম্বৰটো লাহে লাহে প্ৰচাৰ হ’বলৈ ধৰে৷ নিজৰ এলেকাটোৰ লগতে প্ৰায় ৩০ খন গাঁৱৰ লোক এতিয়া বেমাৰ আজাৰ হলে কৰিমুলক ফোন কৰে৷ ফোন অহাৰ লগে লগে বাইক লৈ দৌৰ মাৰে কৰিমুলে৷ এতিয়া প্ৰায় ৩০ খন গাঁৱৰ লোকৰ বাবে কৰিমুল ভগৱান৷ পৰিয়াল চলোৱাৰ বাবে কৰিমুলে কাম কৰাৰ সমানে সমাজসেৱা কৰি গৈছে৷
প্ৰতিদিনে কৰিমুলে বহু লোকক বাইকত উঠাই চিকিৎসালয়লৈ নিয়ে৷ এতিয়া কৰিমুল এজন হি’ৰ৷ কিয়নো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰিমুলৰ বাতৰি প্ৰচাৰ হোৱাৰ লগতে বিভিন্ন-অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে৷ অখ্যাত গাঁৱৰ কৰিমুলক এতিয়া বিশ্বই জানে৷ আপুনি নিশ্চয় ভাবিছে কৰিমুল সন্দৰ্ভত ইমান খিনি কথা কোৱাৰ কাৰণ কি? এতিয়া আহিছো মুল কথালৈ৷ জলপাইগুৰিৰ কৰিমুলৰ দৰে আমাৰ অসম মুলকতো আছে এগৰাকী মহিলা৷ যাক মানুহে কবলৈ আৰম্ভ কৰিছে নৈপৰীয়া মহিলা বুলি৷ নাম তেওৰ চাজিদা বেগম। প্ৰতিদিনে শ শ লোকক নদী পাৰ কৰাই চাজিদাই৷
কণ-কণ ছাত্ৰ-ছাত্ৰী আৰু ৰোগীৰ বাবে ত্ৰাণকৰ্তা চাজিদা৷ দৰিদ্ৰ চাজিদাই প্ৰতিদিনে বিগত বহুবছৰ নাঁৱৰ বঠা ধৰি মিতং নৈৰ পাৰ কৰি আহিছে বহু লোকক৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ মিতং নৈৰ ভদীয়াঘাটত সেৱা আগবঢ়াই আহিছে চাজিদাই। পুৰষ প্ৰধান সমাজ ব্যৱস্থাত মহিলাই ঘৰতে থাকিব লাগে বুলি কোৱা কথাষাৰক মিছা বুলি প্ৰতিপন্ন কৰা মহিলাৰ ভিৰত চাজিদাও এগৰাকী৷ ব্যতিক্ৰম চাজিদা বেগম ওৰফে 'বগী বাই'ৰ সমাজ সেৱা কৰি গৈছে নীৰৱে।
সমাজৰ ধনাঢ্য নাইবা গণতান্ত্ৰিক দেশৰ চৰকাৰে সমাজৰ উন্নয়নৰ দিশটো যেতিয়া আওকান কৰে তেতিয়া কোনোবা কৰিমুল নতুবা চাজিদাই দৰিদ্ৰ শ্ৰমিক-দিন হাজিৰা কৰা লোকৰ বাবে ভগৱান হৈ পৰে৷ আমগুৰি সমষ্টিৰ চিন্তামণিগড় অঞ্চলৰ দৰিদ্ৰ মহিলা বগীবাই। বানপানীৰ সময়ত বহিঃ বিশ্বৰ সৈতে বিচ্ছিন্ন হৈ পৰে অঞ্চলটো৷ শিমলুগুৰি আৰু জকাইচুক এই দুটাকৈ মৌজাৰ কেইবাখনো গাঁৱৰ শ-শ লোকক দৈনিক সুকলমে নৈ পাৰ কৰি কৰে মহিলাগৰাকীয়ে।
দুগৰাকী কণ্যা আৰু এটা পুত্ৰ সন্তানৰ মাতৃ অশিক্ষিত বগীবাই কিন্তু কণ কণ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত উৎসাহী। কিয়নো বগী বাই ভালকৈ জানে শিক্ষাই জগত পোহৰাব পাৰে৷ বিপদজনক ভাবে কোনো লোকে আহ-যাহ কৰি বিপদত নপৰক তাৰ বাবে সদা প্ৰস্তুত বগী বাই৷ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নিৰাপদে নৈ পাৰ হ'ব পাৰে তাৰ বাবে সদায়েই সাজু থাকে বগীবাই।
নৈৰ পাৰ কৰাৰ বাবদ তেওঁক ৰাইজে মাননি নিদিয়া নহয় মাননি দিয়ে৷ কিন্তু মাননি হিচাপে লাভ কৰা টকাকেইটাৰে নৈৰ ঘাটত বাঁহৰ এখন দলং সাজিব তেও৷ উজনি অসমৰ এক অন্যতম আমগুৰি সমষ্টি সমস্যাৰে ভাৰাক্ৰান্ত। চৰকাৰে মাত্ৰ এখন দলং নিৰ্মাণ কৰি দিলেই হয়তো অঞ্চলটোৰ বাসিন্দাসকলে সকাহ পাব। সদায় নৈৰ ঘাটত ৰৈ থাকিব নালাগিব চাজিদাই৷ কিন্তু বহু আবেদন-নিবাদনৰ পিছতো ৰাইজ সফল হ’ব পৰা নাই। ৰাজনৈতিক নেতায় হৃদয় নগলিলেও পিছপৰা অঞ্চলৰ এইগৰাকী দৰিদ্ৰ মহিলাই সমাজ সেৱাৰে সেই কাম কৰি দেখুৱাইছে।