
ৰঙিয়াঃ এজন লোক ৰাজ পথত পৰি আছে৷ দেহৰ বিভন্ন অংশৰ পৰা ৰক্তক্ষৰণ হৈ থকা লোক জনে কাৰোবাৰ পৰা অকণমান সহায় বিছাৰিছে৷ বাৰে বাৰে তেও উঠিব বিছাৰে৷ তীব্ৰ বেগী এখন আল্ট্ৰা গাড়ীয়ে দেওক মহটিয়াই থৈ যোৱাত তেওৰ দেহৰ এটা অংশ একপ্ৰকাৰ নোহোৱা হৈ গৈছে৷ তেও হাত মেলি অকণমান সহায় বিছাৰিছিল মাত্ৰ৷ একাংশ লোকে মানুহজনৰ ওচৰলৈ আহিছে যদিও হাত লগাই অকণমান সহায় কৰিবলে আগবাঢ়ি নাহিল৷
তাৰ বিপৰীতে দুই এজন ব্যস্ত হৈ পৰিল মোবাইলেৰে দৃশ্য সংগ্ৰহত৷ এই দৃশ্য আছিল ৰঙিয়াৰ৷ ৰঙিয়াৰ মাজেৰে পৰা হৈ যোৱা ৰাষ্ট্ৰীয় ঘাই পথ মৃত্যু উপত্যকাত পৰিণত হোৱাৰ সময়তে ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হ’ল দুৰ্ঘটনা৷ ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰীত তিনিদিন পূৰ্বে দুজন স্কুলীয়া ছাত্ৰক এখন ডাম্পাৰে মহটিয়াই নিয়াৰ ফলত দুয়ো ছাত্ৰৰ মৃত্যু হয়৷
তাৰ পিছতে শনিবাৰে ৰঙিয়াৰ দ্বাৰকুছিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। AS-25-AC-7786 নম্বৰৰ তীব্ৰ বেগী আল্ট্ৰা বাছে মহটিয়াই নিয়াৰ ফলত দ্বাৰকুছিৰ জিতু হাজৰীকা (৩২) নামৰ লোক জনৰ মৃত্যু হয়৷ জানিব পৰা মতে, গাড়ী খনে খুন্দিয়াই থৈ যোৱাৰ পিছত বহু সময় ছটফটাই পৰি আছিল লোকজন। অন্তিম অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু লোকজনৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰি পলায়ণ কৰা বাছ খন তুলসীবাৰী আৰক্ষীয়ে জব্দ কৰাৰ লগতে আটক কৰে চালকক। ঘটনাস্থলীত তামুলপুৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে।