
শিমলুগুৰিঃ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হ’ল নাজিৰা৷ কেইবাশতাধীক যুৱ-ছাত্ৰই হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাৰ কৰি তোলে নাজিৰাৰ আকাংশ-বতাহ৷ এনএছচিএনৰ সৈতে ৰূপায়ণ কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰা, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত শিমলুগুৰিৰ পৰা সমদল কৰি নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰতিবাদকাৰীসকল৷
কেন্দ্ৰীয় চৰকাৰে অবৈধ বিন্দু বাংলাদেশীক সংস্থাপন কৰিবৰ বাবে আইন সংশোধন কৰি ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচৰা কাৰ্যক সংগঠন দুটাই তীব্ৰ বিৰোধিতা কৰে। অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰিলে অসমত ইয়াৰ ভয়ানক প্ৰভাৱ পৰিব বুলি কৈ অসমত অসমীয়া জাতিৰ প্ৰভূত্ব নিঃশেষ হ’ব বুলি কয়। খিলঞ্জীয়া অসমীয়া জনগন সংখ্যালঘুত পৰিণত হ’ব।
অসমীয়া ভাষালৈ অস্তিত্বৰ সংকট নামি আহিব। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাই সংগঠন দুটাই। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এনএছচিএন (আইএম) ৰ সৈতে কেন্দ্ৰীয় চৰকাৰে স্বাক্ষৰ কৰা নগা ফ্ৰেমৱৰ্ক চুক্তি দুবছৰ ধৰি ৰাজহুৱা কৰা নাই বুলি ক্ষোভ ব্যক্ত কৰে সংগঠন দুটাই। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত বাস কৰা অসমীয়া জনসাধাৰণ আতংকিত হৈ পৰিছে।
এনএছচিএনে অসমৰ বিভিন্ন জিলাৰ বহু হাজাৰ হেক্টৰ ভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্তিৰ বাবে দাবী জনাই আহিছে আৰু তাৰ মানচিত্ৰও প্ৰকাশ কৰিছে৷ অসমৰ ৰাইজৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলাই আহিছে নগাই। সীমান্তঅঞ্চলত বাস কৰা অসমীয়া জনসাধাৰণে নিৰাপত্তাহীনতাত ভূগিছে।
নগা সশষ্ট বিদ্ৰোহী সংগঠন এনএছচিএন (আইএম) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যি চুক্তিয়ে নহওক তাত কোনো আপত্তি নাই বুলি কৈ সংগঠনদুটাই কোনো কাৰণতে নগাসকলৰ সমস্যা সমাধান কৰিবলৈ গৈ অসমৰ ভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুলি স্পষ্ট কৰে । জাতি-মাটি-ভেতিৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাডী দখল কৰা বিজেপি চৰকাৰে প্ৰতিটো দিশতে অসমক শোষণ, বঞ্চনা আৰু প্ৰতাৰণা কৰি অসমক ভয়াবহ সংকটলৈ ঠেলি দিব বিচৰা কাৰ্যক কেতিয়াও সহ্য কৰা নহব বুলি স্পষ্ট কৰে।