সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতি গঠন

নাৰায়ণপুৰঃ শনিবাৰে সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয়৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্ত পৰিষদৰ অতিথিশালাত প্ৰাক্তন আছু নেতা তথা ঢলপুৰ জাতীয় বিদ্যালয়ৰ উপাচাৰ্য মনোজ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ আঁত ধৰে সাংবাদিক মাধুৰ্য দাসে। সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক দেৱ কুমাৰ দাসে সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দৃষ্টিভংগী দাঙি ধৰে।

সভাত সুদীপ্ত দাসক সভাপতি, কুমাৰ কিশোৰ দাস, যোগজিত বৰা, দিব্যজ্যোতি বণিয়াক উপ-সভাপতি, ৰাজকিশোৰ বৰুৱাক সাধাৰণ সম্পাদক, মাধৱ বণিয়া, গৌতম চাংমাই, দুলাল দাসক সহঃ সম্পাদক, জয় চন্দ্ৰ বণিয়াক বিত্তীয় সম্পাদক, শান্তনু বণিয়া, গোবিন্দ দাস, লক্ষ্যজ্যোতি দাস, ডিম্বেশ্বৰ বণিয়াক সাংগঠনিক সম্পাদক, ভূপেন দাস, সঞ্জীৱ দাসক প্ৰচাৰ সম্পাদক, কুশল বণিয়াক সাংস্কৃতিক-সাহিত্য সম্পাদক আৰু দুৰ্লভ দাসক কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে লৈ সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতিখন গঠন কৰা হয়।

সভাখনত বিশিষ্ট অতিথি হিচাপে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা সমাজকৰ্মী অমিয় কুমাৰ ভূঞা, যুৱ সমাজকর্মী অচ্যুত শইকীয়া, দেউৰী স্বায়ত্ব পৰিষদৰ অধ্যক্ষ বিষ্ণু দেউৰী, অসম তকছ বৈদ্যুতিক মাধ্যমৰ সাংবাদিক দিপান্ত কাকতি, নিউজ নেছনৰ সাংবাদিক ৰাজু বৰা, প্ৰাগ নিউজৰ সাংবাদিক নিত্যানন্দ বৰুৱা আৰু ঢলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক তথা সমাজকর্মী কনক দাস উপস্থিত থাকে।

সভাৰ অন্তিম ক্ষণত বিশিষ্ট অতিথি সকলে গঠনমূলক দিহা পৰামৰ্শ দিয়াৰ লগতে নতুন সমিতি খনক শুভেচ্ছা জ্ঞাপন কৰে। সভাপতিৰ সাৰুৱা মন্তব্যৰ লগতে নৱ গঠিত সমিতিখনে অনুসূচিত জাতিৰ লগতে সকলো ৰাইজৰ সৰ্বাংগীন উন্নতিৰ হকে মাত মাতি যাব বুলি দৃঢ়তাৰে সংকল্প লয় আৰু সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা জয় ধ্বনিৰে সভা ভঙ্গ কৰে। আনহাতে পুৱাই ভিবিৰাম হাজৰিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ভৈৰব দাসে পতাকা উত্তোলন কৰাৰ লগতে, ১০-৩০ বজাত শ্বহীদ তৰ্পন কৰে যুৱ সমাজকর্মী মৃণাল শইকীয়াই।