
আমগুৰিঃ সমাজৰ প্ৰতিগৰাকী লোকে সমান অধিকাৰ লাভ কৰিলেহে সেই সমাজ খনক আদৰ্শৱান সমাজ বুলি কব পাৰি৷ সমাজ তেতিয়া হে সমৃদ্ধিশলী হব যেতিয়া সমাজৰ প্ৰতিগৰাকী লোকে সমাজৰ প্ৰতিটো কামত অংশ গ্ৰহণ কৰিব৷ কিন্তু আমাৰ দেশত তথা ৰাজ্যত তেনেকুৱা হৈছে নে৷ নিশ্চয় হোৱা নাই৷ কিয়নো বিশেষভাৱে সক্ষম লোকৰ বাবে সুবিধা বুলিবলৈ একো নাই৷ বিশেষভাৱে সক্ষম-মূকবধিৰ, বিকলাংগ সকলৰ বাবে বিশেষ সুবিধা আজিলৈ দিব পৰা নাই কোনো চৰকাৰে তথা সমাজে৷
ৰাজ্যৰ শতকৰা ৯৫ শতাংশ বিদ্যালয়ত মূকবধিৰ সকলৰ বাবে আজিও নাই পঢ়াৰ সুবিধা৷ চৰকাৰী কাৰ্যালয়ৰ ভিতৰলৈ যাবলৈ নাথাকে এখন হুইল চেয়াৰ৷ চৰকাৰী কাৰ্যালয়লৈ গলে অইন মানুহে ভিতৰলৈ দাংকোলাকৈ নিব লগা হয়৷ মূকবধিৰ-শাৰিৰীক ভাবে সক্ষম লোকসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত সমাজৰ প্ৰতিজন ব্যক্তিৰে দায়বদ্ধতা নিশ্চয়কৈ আছে। কিন্তু আমাৰ সমাজৰ কিমানজনে এই কথা উপলব্ধি কৰে। তাৰ মাজতো কিন্তু এনে একাংশ ব্যক্তিয়ে আমাৰ সমাজখনত ইতিবাচ চিন্তা চৰ্চা কৰি আহিছে৷ একাংশ লোকৰ দুৰ্বাৰ হেঁপাহে পুহি ৰাখে তেনে লোকক আগুৱাই নিবলৈ।

তাৰ মাজতে 'আইনু' নামৰ এগৰাকী যুৱতীক অসমৰ ৰাইজক চিনাকি কৰি দিছিল ডিৱাই-৩৬৫ নামৰ নিউজ চেনেলটোৱে৷ মাত্ৰ ১২ ইঞ্চি উচ্চতাৰ আৰু ৯ কেজি ওজনৰ আইনুই অসমৰ ৰাইজৰ হৃদয় জয় কৰিছিল৷ আইনুৰ মেধাই পৰিচয় দিছিল তেওঁ বিশাল ব্যক্তিত্বৰ৷ তেও হাঁহিব জানে৷ তেওঁ কান্দিব জানে৷ তেওঁ অভিমান কৰিব জানে৷ তেও গাব জানে৷ তেওঁ সকলোৱে জানে৷ কিন্তু তেও জোখতকৈ চাপৰ বাবেই আমি পিছ পেলাই থও৷ ডিৱাই-৩৬৫ নামৰ নিউজ চেনেলটোৱে প্ৰথমবাৰৰ বাবে আইনুক পোহৰলৈ আনিছিল৷ আমগুৰিৰ এখন অখ্যাত গাঁৱত ঘৰ আইনুৰ।
আইনুক এখন মঞ্চত লাইভ কৰিছিল৷ বছৰ বছৰ ধৰি এখন মঞ্চৰ অভাৱত এন্ধাৰত থকা প্ৰতিভাক পোহৰলৈ উলিয়াই আনিছিল৷কণমানি আইনু হতৰ লগতে ৰাজ্য খনৰ শ শ আইনুক চিনাক্ত কৰি আমি এখন মঞ্চ সাজু কৰাৰ প্ৰয়োজন আছিল৷ এই মঞ্চখন দিছিল নিউজ চেনেলটোৱে৷ আইনুৰ লগতে বহু প্ৰতিভাক আগুৱাই নিবৰ বাবে তথা সমাজ খনত অৱহেলিত হৈ থাকে বিশেষ যুৱক-যুৱতীসকলক এখন মঞ্চ দিয়াৰ বাবে আকাশ চুবৰ মন নামে এটি অনুষ্ঠান সম্প্ৰচাৰ কৰিছিল৷ এই অনুষ্ঠানৰ মাজতে বহু লোকে আইনুৰ সহায়ৰ হাত আগবঢ়াইছিল৷
কেইবাজনো সমাজপ্ৰিয় লোকে আইনুক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা শনিবাৰে সাংবাদিক ভাস্কৰজ্যোতি দাসৰ নেতৃত্বত এটি দল উপস্থিত হ’ল আইনুয়ে অধ্যয়ন কৰি থকা আমগুৰিৰ পেঙেৰা মজলীয়া বিদ্যালয়ত। শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ইনামূল হাজৰিকা সহ সব্যসাচী মহন্ত, উৎপল দত্ত, খলিলুৰ ৰহমানে আইনুক পাঁচ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে। গৌৰীসাগৰ নগৰৰ বিশিষ্ট ব্যৱসায়ী জিতু দত্তই নগদ দহ হাজাৰ টকা আৰু ৰাষ্ট্ৰসংঘৰ অনুমোদিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী সংগঠন নেষ্ট ফাউণ্ডেচনে ONGCৰ উচ্চপদস্থ বিষয়া পোণাৰাম মিলিয়ে এটি হাৰ্মনিয়াম আইনুক আগবঢ়ায় । বিদ্যালয়খনৰ একাংশ শিক্ষক, কৰ্মচাৰীৰ উপস্থিতি এক চমু অনুষ্ঠানৰ মাজতে মাতৃ সহ উপস্থিত থকা আইনুয়ে উপহাৰ সমূহ গ্ৰহণ কৰে।