কাৰ্বি পাহাৰৰ গৌৰৱ কাৰ্বি হেম-টুনত তুলি

খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে শনিবাৰে দলে-বলে উপস্থিত হ’ল কাৰ্বি বঊমিৰ অন্যতম গুৰুত্বপূৰ্ণ ঠাই ডংকামোকামত৷ আদৰ্শ কাৰ্বি স্বায়ত্ত পৰিষদৰ শ্ল’গানক সাৰ্থক কৰাৰ বাবে কাৰ্বি পাহাৰত ইতিমধ্যে নিৰ্মান সম্পূৰ্ণ হৈ উঠা আৰু নিৰ্মিয়মান অৱস্থাত থকা কেইবা আঁচনি পৰিদৰ্শন কৰে তুলিয়ে৷ কোটি টকীয়া আদৰ্শ বিদ্যালয়, ডিফুস্থিত আৰু ডংকামোকামস্থিত ষ্টেডিয়াম আৰু ডংকামোকাম কাৰ্বি হেম-টুন পৰিদৰ্শন কৰে৷

জিলাখনত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ কৰ্বি আংলং পৰিষদে গুণগত শিক্ষাৰ মানদণ্ড কৰাৰ লক্ষ্যৰে পাহাৰীয়া জিলাখনৰ কেইবাঠাইত কোটি টকীয়া আদৰ্শ বিদ্যালয় স্থাপন কৰে৷ ক্ৰীড়াক্ষেত্ৰ অৰিহনা যোগাবৰ বাবে ডিফু আৰু ডংকামোকাম চহৰত ষ্টেডিয়াম আৰু ডংকামোকামত কাৰ্বি হেম-টুন স্থাপন কৰে৷ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম-কুঠেপিৰ আদৰ্শ বিদ্যালয়, ডংকামোকাম ষ্টেডিয়াম আৰু ডংকামোকামস্থিত কাৰ্বি হেম-টুনত শিনবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিভাগীয় অভিযন্তা, ঠিকাদাৰ আৰু অঞ্চলৰ লোকৰ উপস্থিতিত সজাতি দলে নিৰ্মাণৰ কামৰ নিৰক্ষণ কৰে৷

আঁচনি সমূহ পৰিদৰ্শন কৰি কাৰ্বি আংলং তথা পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ অন্তৰ্গত টুমপ্ৰেঙত এখন বিজেপি সভাত অংশ লয় ৰংহাঙে৷ সভাত বৃহত্তৰ সমষ্টিটোত বিৰাজমান হৈ থকা বিভিন্ন দিশৰ সমস্যা আৰু সমস্যা সমাধান সম্পৰ্কে ৰাইজৰ সৈতে সবিস্তাৰে আলোচনা কৰে ৰংহাঙে৷ সমষ্টিটোত থকা প্ৰতিটো সমস্যাই কম-বেছি পৰিমানে হলেও সমাধান কৰি ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি সভাত উপস্থিত থকা ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ৰংহাঙে৷