
চৰাইদেউঃ অসমৰ মফচলীয় সাংবাদিকসকলক অন্যতম সংগ্ৰামী মঞ্চ আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টচ ইউনিয়ন চমুকৈ আপকুৰ উদ্যোগত শনিবাৰে সোণাৰিত এখন সভা অনুষ্ঠিত হয়৷ সাংবাদিক সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাতপ্ৰয়াত সাংবাদিক আব্দুল ৰফিক সোঁৱৰণী সদৌ অসম গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয়৷
অসম চাহ কৰ্মচাৰী সংঘৰ সোণাৰি শাখাৰ সভাকক্ষত অনুষ্ঠিত সভাত আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং, প্ৰাক্তন সভাপতি শোভিত কুমাৰ ছেত্ৰীৰ লগতে বিশিষ্ট শিক্ষাবিদ মনি গগৈ, অসম জাতীয়তাবাসী যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে জিলাখনৰ বিভিন্ন জাতীয় সংগঠনৰ বহু কেইজন নেতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ প্ৰথম বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় সাংবাদিক ভবেশ বৰুৱাক।