গুণোৎসৱ, পূৰ্বৰ পথেৰে গতি কৰিছে শিক্ষক-শিক্ষয়িত্ৰীয়ে

বাইহাটা চাৰিআলিঃ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ পাৰ হোৱাৰ পিছৰে পৰা বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে পুণৰ পূৰ্বৰ ধাৰালৈ গতি কৰিছে। কাৰ্যত শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত পুনৰ দেখা দিছে দায়িত্বজ্ঞানহীনতা৷ এনে মানসিকতাৰ ফলত বাস্তৱ ক্ষেত্ৰত ৰাজ্যত পোন প্ৰথম বাৰৰ বাবে বিজেপি, অগপ আৰু বিপিএফ দলৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছত যি মহৎ উদ্দেশ্য লৈ গুণোৎসৱৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল সেয়া ব্যৰ্থ হোৱাৰ উপক্ৰম হৈছে।

এই মন্তব্য শাসকীয় অসম গণ পৰিষদ দলৰ বিধায়ক বিধায়ক সত্যব্ৰত কলিতাৰ। কমলপুৰ বিধান সভা সমষ্টিত শনিবাৰে বিধায়ক কলিতাই কেইবা ঠাইত আধাৰশিলা উন্মোচন কৰি দিয়া ভাষণত খেদ প্ৰকাশ কৰি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচী সমাপ্তিৰ সময়লৈ শিক্ষক-শিক্ষয়িত্ৰী নিজৰ কৰ্তব্য-দায়িত্ব পালনত যঠেষ্ট লৰা ঢপৰা কৰা দেখা গৈছিল বুলি কৈ অতি দুৰ্ভাগ্যজনক ভাবে ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচীৰ সমাপ্তিৰ পিছ মুহূর্তৰে পৰা বহি শিক্ষক-শিক্ষয়িত্ৰীয়ে পুনৰ পূৰ্বৰ ধাৰলৈ গতি কৰিছে বুলি কা বিধায়ক কলিতাই তেনে মনোভাৱ পৰিহাৰ কৰিবলৈ  শিক্ষক-শিক্ষয়িত্ৰীক আহ্বান জনায়৷