
নগৰবেৰাঃ ৰাজ্য চৰকাৰে শিক্ষাৰ সংস্কাৰৰ লক্ষ্যৰে ন’ ন’ আঁচনি লৈ আহিছে৷ কিন্তু একাংশ শিক্ষকে এই আঁচনি সমূহক গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়৷ বৰপেটা জিলাৰ ৪৫নং বাঘবৰ বিধান সভা সমষ্টিত ব্যাপক খেলিমেলিৰে জ্ঞান যাত্ৰা অনুষ্ঠিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ বাঘবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ফখৰুদ্দিন আলি আহমেদ হাই স্কুলত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে জ্ঞান যাএাৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
চেঙা আৰু বাঘবৰৰ চৰ-অঞ্চলৰ আলোপতি প্ৰাথমিক শিক্ষা থণ্ডৰ অন্তৰ্গত ১০ (দহ) খন বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ৬০% শতাংশ ছাএ-ছাএীয়ে অংশগ্ৰহণ কৰা জ্ঞান যাএা অনুষ্ঠানত এক বিশৃংখল পৰিবেশৰ মাজেৰে পৰিসমাপ্তি পৰা বুলি অভিযোগ উত্থাপন হৈছে। জ্ঞান যাএাৰ কাৰ্যসূচীত ফখৰুদ্দিন আলি আহমেদ হাই স্কুলৰ লগতে খোলাবান্ধ হাইস্কুল, আণ্ডাভঙা-কাছুমাৰাৰ আজগৰ আলী মেমৰিয়েল হাইস্কুল, কাৰাইখাইতি হাইস্কুল, বাঘমাৰাচৰ হাইস্কুল, দক্ষিণ বৰপেটা হাইস্কুল, নিচানৰ চৰ হাইস্কুল, আলোপতিৰ ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিকে কৰি বিদ্যালয়সমূহৰ ছাএ-ছাএীসকলৰ উপৰিও শিক্ষক-শিক্ষয়িএী উপস্থিত থাকে।
ছাত্ৰ-ছাত্ৰী, শিক্ষক সহিতে বহু লোক সমবেত হোৱা জ্ঞান যাত্ৰীৰ কাৰ্যসূচীত বহিবলৈ ঠাই দিব পৰা নাই প্ৰধান শিক্ষকে৷ চৰকাৰী নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুৰ ৰছিদে নামত এখন মঞ্চ সজাই যদিও মঞ্চ সৰু হোৱাত ব্যাপক খেলিমেলি হয় কাৰ্যসূচী পৰিচালনা কৰাত৷ যাৰ ফলত একাংশ শিক্ষক-কৰ্মচাৰী জাঙুৰ খাই উঠে।
জ্ঞান যাএা কাৰ্যসূচীত অংশগ্ৰহণ কৰা একাংশ বিদ্যালয়ৰ শিক্ষকে মঞ্চ খনত কোনো পথেই অনুষ্ঠান চলোৱা সম্ভৱ নহয় বুলিও বিদ্যালয় প্ৰধান আব্দুৰ ৰছিদক অৱগত কৰে। প্ৰধান শিক্ষকে এই কথাক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে৷ বিদ্যালয়ৰ কোনো এজন শিক্ষকক কাম কাজৰ দায়িত্ব দিয়া দেখা নায়ায়। যাৰ ফলত ব্যাপক বিশৃংখলতাৰে অনুষ্ঠিত হয় জ্ঞান যাত্ৰা৷ প্ৰধান শিক্ষকগৰাকীৰ বাবেই জ্ঞান যাএাৰ কাৰ্যসূচী বিশৃংখলতাৰে পাৰ হয় বুলি অভিযোগ উঠিছে।