
নলবাৰীঃ তেওক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিব৷ জন্মৰ পৰাই এটাই সপোন তেওক পঢ়োৱাৰ৷ আন দহগৰাকী ছাত্ৰৰ দৰে তেও স্কুললৈ প্ৰেৰণ কৰি শিক্ষিত কৰাই তেওলোকৰ সপোন৷ তেওলোকে যি ভুল কৰিলে কৰিলে কিন্তু সন্তানৰ ক্ষেত্ৰত সেই ভুল নকৰে৷ এসাজ খাই এসাজ নোখোৱৈকৈ থাকি হলেও টকা ৰাহি কৰি সন্তানক পঢ়াব৷ সন্তানক ডাঙৰ মানুহ কৰাৰ নানান পৰিকল্পনা৷
দৰিদ্ৰতাক ওচৰৰ পৰা দেখি থকা বাবেই প্ৰতিদিনে তেওলোকে দৰিদ্ৰতাৰ সৈতে যুদ্ধ কৰিব লগা হৈছে৷ দৰিদ্ৰ হলেও সুখ-শান্তিৰে পৰিয়াল পোহপাল দি আহিছে অৰুণ বৰ্মনে৷ কিন্তু পৰিয়ালটোৰ ওপৰত কাৰোবাৰ যেন নজৰ হে লাগিল৷ যিগৰাকী সন্তানৰক ডাঙৰ মানুহ কৰাৰ সপোন দেখিছিল তেও আজি সন্তানটোৰ বাবে চকুলো টুকি পাৰ কৰিব লগা হৈছে দিন৷ কিয়নো তেওলোকৰ কণমানি পুত্ৰ আক্ৰান্ত হৈছে বৃক্কৰ ৰোগত৷ নলবাৰী জিলাৰ কৈঠালকুছিৰ সনোৰাৰ অৰুণ বৰ্মন আৰু গৌতমী বৰ্মনৰ পুত্ৰ দ্বীপজ্যোতিক বৰ্মন বৰ্তমান বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুজ দিব লগা হৈছে৷
দুমাহ পূৰ্বে দ্বীপজ্যোতি জ্বৰত আক্ৰান্ত হৈছিল জ্বৰত৷ স্থানীয় চিকিৎসকৰ ওচৰলৈ নিয়াত তেওক বৃক্কৰ ৰোগত আক্ৰান্ত হোৱা বুলি কয় চিকিৎসকে৷ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া অৰুণ বৰ্মনে চিকিৎসাৰ নামত যি খিনি আছিল সকলো খৰছ কৰি এতিয়া মুৰে কপালে হাত দিছে৷ কিয়নো তেওৰ হাতত পুত্ৰক চিকিৎসা কৰিবলৈ নাই টকা৷ শিশুটোক বিছনাত শুৱাই থৈ মুখৰ ফালে চাই দিন পৰা কৰিছে পিতৃ-মাতৃয়ে৷ চিকিৎসকে শীঘ্ৰে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়াই আহিছে। দৰিদ্ৰ পৰিয়লটোৱে কৰিব কি। অৰ্থৰ সংতটত পৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী তথা ৰাইজৰ পৰা সহায় বিছাৰিছে৷ আমাৰ একমাত্ৰ পুত্ৰক জীয়াই থাবিলৈ দিয়ক বুলি আবেগিক আহ্বান জনাই পিতৃ-মাতৃয়ে৷