ৰাস মহোৎসৱ সমিতিক ঠগালে তেল ডিপোৱে, জেনেৰেটৰ চলাবলৈ দিলে ভেজাল পেট্ৰল

ৰঙিয়াঃ পেট্ৰলত ভেজাল কৰাৰ অভিযোগত ৰঙিয়া চহৰৰ এটা তেল ডিপোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দেওবাৰে৷ একাংশ লোকে পেট্ৰলৰ সৈতে পানী আৰু কেৰাচিন মিহলি কৰাৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ জানিব পৰা মতে, ৰঙিয়া চহৰৰ আইঅ’চিতস্থিত চাগনমন চেৰাউগী পেট্ৰল ডিপোৰ পৰা ৰঙিয়া মহখুলি ৰাস মহোৎসৱ সমিতিয়ে জেনেৰেটৰত ব্যৱহাৰ কৰাৰ বাবে পেট্ৰল কিনি নিয়ে৷

জেনেৰেটৰত পেট্ৰলত ভৰোৱাৰ পিছত অধিকাংশই পানী ওলোৱাত মহখুলি ৰাস মহোৎসৱ সমিতিৰ একাংশ লোক দেওবাৰে তেল ডিপোটোত উপস্থিত হয়৷ তেল ডিপো কৰ্তৃপক্ষই এই কথা মানি নোলোৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে৷

যাৰ ফলত উত্তেজনাৰ সৃষ্টি হয় ডিপোটোত৷ প্ৰতিবাদকাৰীসকলে পেট্ৰল ডিপোটো বন্ধ কৰি ডিপোটোৰ চৌহদত ৰাখি থোৱা NL-01-L-5443 নম্বৰৰ এখন ট্ৰাকৰ পৰা কেৰোচিন ভৰ্তি ড্ৰাম উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কেৰাচিন উদ্ধাৰ হোৱাৰ পিছতে পৰিস্থিতি অধিক উত্তেজিত হৈ পৰে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে ৰঙিয়া আৰক্ষীৰ এটি বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পিছত ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰে৷ পূৰ্বতে দুবাৰকৈ গ্ৰাহকক পেট্ৰল কমকৈ দিয়াৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে ডিপোটো চিল কৰিছিল।