চোৰক লাগে মদৰ বটল

আমগুৰিঃ সোন-গহনা, টকা-পইচাৰ প্ৰতি বেছি লোভ নাই চোৰৰ৷ এটি মদৰ বটল চোৰ কৰি নিব পাৰিলেই যঠেষ্ট৷ হয়, শিৱসাগৰ জিলাৰ আমগুৰিত শনিবাৰে নিশা চোৰে লুটপাত চলালে ৱাইন শ্বপত৷

আমগুৰি নগৰৰ মাজমজিয়াৰ এখন বিলাতী সুৰাৰ দোকানৰ সুৰাৰ বটলৰ লগতে নগদ ধন আৰু একেলগে সংলগ্ন হৈ থকা সোণৰ আ-অলংকাৰ দোকানৰ পৰাও চোৰে লৈ গ'ল প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ আ-অলংকাৰ।

পুৱা দোকান খুলিবলৈ আহি দোকানৰ মালিক আৰু কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে চোৰৰ এই কাণ্ড। আমগুৰি আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে আৰু সোনকালেই চোৰক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰিছে।