
বটদ্ৰৱাঃ সত্ৰাধিকাৰ প্ৰভূ ঈশ্বৰ পৰমানন্দ দেৱ মহন্ত গুৰুতৰ ভাবে অসুস্থ হৈ পৰাত চিন্তিত হৈ পৰিছে ভক্ত সকল৷ শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ ঐতিহাসিক শ'লগুৰি সত্ৰৰ ৯২ বছৰীয়া চিৰকৌমাৰ্য ব্ৰতাৱলম্বী, গুৰুজনাৰ একান্ত সেৱক, সত্ৰাধিকাৰ প্ৰভূ ঈশ্বৰ পৰমানন্দ দেৱ মহন্ত অসুস্থ হৈ পৰাত ৰাজ্য চৰকাৰেও চিন্তা ব্যক্ত কৰে৷
বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সম্পাদক গুন মনি কলিতা আৰু শিক্ষয়িত্ৰী হীৰামনি বৰুৱাই এই বাৰ্তা বিশিষ্ট সাংবাদিক চৈয়দ জাৰিৰ হুছেইনৰ জৰিয়তে অৱগত কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক৷ নিউজ লাইভৰ মেনেজিং এডিটৰ চৈয়দ জাৰিৰ হুছেইনে জৰুৰী পদক্ষেপ গ্ৰহন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাক এই খবৰ অৱগত কৰে৷

সত্ৰাধিকাৰগৰাকীৰ অসুস্থতাৰ খবৰ জনোৱাৰ লগে লগে বিষয়টোক গুৰুত্ব সহকাৰে লয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মন্ত্ৰীগৰাকীৰ নিৰ্দেশত দেওবাৰে GMCHৰ অধীক্ষক ড০ ৰমেন তালুকদাৰৰ নেতৃত্বত এটি চাৰিজনীয়া বিশেষজ্ঞ চিকিৎসকৰ দল বটদ্ৰৱাত উপস্থিত হৈ 'ধৰ্মগুৰু' জনাৰ স্বাস্থ্য বুজ লৈ বিশেষ পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হয়৷
গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ অধীক্ষক ডঃ ৰমেন তালুকদাৰে নগাঁৱৰ চকু চিকিৎসক ড০ প্ৰাঞ্জল গৌতমক সত্ৰাধিকাৰগৰাকীক চোৱা চিতাৰ দায়িত্ব প্ৰদান কৰে৷ প্ৰয়োজনত পুনৰ চিকিৎসকৰ দলটো বৰদোৱালৈ আহি ধৰ্মগুৰুগৰাকীৰ স্বাস্থ্যৰ বুজ লব বুলি উল্লেখ কৰে বিশিষ্ট চিকিৎসকগৰাকীয়ে৷ স্বাস্থ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিশিষ্ট সাংবাদিক চৈয়দ জাৰিৰ হুছেইনে সত্ৰাধিকাৰ প্ৰভূগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত গ্ৰহন কৰা পদক্ষেপক বটদ্ৰৱাবাসী ৰাইজে প্ৰশংসা কৰে৷ ইয়াৰ পিছত চিকিৎসক সকলে 'বটদ্ৰৱা থান' দৰ্শণ কৰি সেৱা লয়৷