
তুলসীবাৰীঃ চোৰ-ডকাইতে নামানে আল্লা-ভগৱান৷ বিকলাংৰ প্ৰতি দয়া জন্মিব কৈনেকৈ৷ হয়, ভালকৈ খোজ কাঢ়িব নোৱাৰা যুৱকজনে নিজ ঘৰৰ সন্মুখত এখন সাধাৰণ দোকাণ দি পৰিয়াল পোহপাল দি আহিছিল যদিও আল্লা-ভগৱানক নমনা চোৰে বিকলাংগ যুৱকৰ দোকান খনত চলাই চাফাই অভিযান৷
বাক্সা জিলাৰ কাউৰবাহাৰ সমীপৰ মাদৈকাটাত শনিবাৰে নিশা এগৰাকী বিকলাংগ যুৱকক লুটি নিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ বিশ হাজাৰ নগদ ধন লুট কৰি নিয়ে৷ জানিব পৰা মতে, ইমৰান আলি নামৰ বিকলাংগ যৱকজনৰ একমাত্ৰ জীয়াই থকাৰ সম্বল নিজ ঘৰৰ সন্মুখতে থকা দোকান খন অইন দিনাৰ দৰে শনিবাৰে নিশাও বন্ধ কৰি ঘৰলৈ যায়৷
কিন্তু পুৱাই দোকান খনৰ দুৱাৰ খিৰিকি ভাঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ লগে লগে ভিতৰত সোমাই নগদ ধন বিশ হাজাৰ টকা নিয়া বুলি নিশ্চিত হয়৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কাউৰবাহা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বিকলাংগ যুবকজনে৷