তামুলপুৰত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ

নলবাৰীঃ নামনি অসমৰ ভিন্ন প্ৰান্তৰ লগতে দেওবাৰে তামুলপুৰ মহকুমাৰ সদৰ ঘগ্ৰাচ’কত সুধাকন্ঠ ড০ ভুপেন হাজৰিকাৰ ষষ্ঠ বাৰ্ষিক মৃত্যু তিথি পালন কৰা হয়৷

তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সন্ধিয়া অনুষ্ঠানত বহু লোকে সুধাকন্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বাৰ্তা-পখিলীৰ সম্পাদক ব্ৰজেন ডেকাই ৷

পিছত সমুহীয়াভাৱে ছাত্ৰ কৰ্মী তথা ৰাইজে বন্তি প্ৰজলন কৰে৷ সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়৷ আনপিনে, কুমাৰীকাটা, গান্ধীবাৰী আৰু পশ্চিম তামুলপুৰতো ছাত্ৰ সন্থাৰ সহযোগত সুধাকন্ঠৰ মৃত্যুতিথি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷

দ্বাৰকুছিতো দুৰ্গামন্দিৰ প্ৰাংগনত ৰাজহুৱাভাৱে এক বন্তিপ্ৰজলন কাৰ্যসূচী ৰূপায়ন কৰি মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে৷ তামুলপুৰৰ মটঙা চ'কত জুবিন ফেন ক্লাৱ, তামুলপুৰৰ উদ্যোগতো মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়৷