
নলবাৰীঃ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নলবাৰী জিলাৰ বিভিন্ন ঠাইত দেওবাৰে ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে। নলবাৰী আছুৰ কাৰ্যালয়ৰ বাকৰিত ড০ হাজৰিকাৰ মৃত্যু তিথি পূৱ-উত্তৰ নলবাৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত পালন কৰা হয়৷ ভূপেনদাৰ গীত-কথাৰে একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আছুই।
অনুষ্ঠানত শিক্ষাবিদ ডঃ কৃষ্ণ চন্দ্ৰ গৌড়, শিল্পী দীলিপ দাস, আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, জিলা সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা সহ কেইবাজনো লোকে স্মৰণ কৰি ভাষন আগবঢ়ায়।
অনুষ্ঠানত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন, সধাৰণ সম্পাদক নিলকমল বৰ্মন, আছু নেতা শশাংক দত্তকে ধৰি শতাধিক বিশিষ্ট ব্যক্তি তথা ৰাইজে ডঃ হাজৰিকাৰ প্ৰতিকৃতিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিছতে কেইবাজনো শিল্পী হাজৰিকাৰ গানেৰে সুৰেৰে জীপাল কৰি তোলে অনুষ্ঠান।