বয়োজ্যেষ্ঠ সত্ৰাধিকাৰ শ্ৰীশ্ৰী লেচেন চন্দ্ৰ গোস্বামীৰ ১০৫ বছৰত মৃত্যু

ফিল'বাৰীঃ ৰাজ্য খনৰ ভিতৰতে বয়োজ্যেষ্ঠ সত্ৰাধিকাৰ শ্ৰীশ্ৰী লেচেন চন্দ্ৰ গোস্বামীয়ে ১০৫ বছৰ বয়সত মৃত্যুক আকোৱালি লয়৷ ডুমডুমাৰ শিমলুগুৰি মায়ামৰা বজ্ৰপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী লেচেন চন্দ্ৰ গোস্বামীয়ে দেওবাৰে ডুমডুমাৰ শিমলুগুৰিৰ নিজ বাস ভৱনত মৃত্যুক আকোৱালি লয়।

তেওৰ মৃত্যুৰ খবৰ প্ৰচাৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে অগণন ভক্ত তথা গুণমুগ্ধৰে তেওৰ ঘৰ ভৰি পৰে৷ অনন্ত ভূজ হিচাপে খ্যাত আছিল সত্ৰাধিকাৰগৰাকী৷ দেওবাৰে সন্ধিয়া প্ৰায় ছয় বজাত ধৰ্ম গুৰুগৰাকীয়ে ইহ লীলা সম্বৰণ কৰে। ডুমডুমাৰ শিমলুগুৰি মায়ামৰা বজ্ৰপুৰ সত্ৰতো মৃত্যুক আকোৱালি লোৱা  লেচেন চন্দ্ৰ গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰে বিভিন্ন দল-সংগঠনে৷