
চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ বিভিন্ন স্থানত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়৷ পুৰণিগুদামৰ নিকটৱৰ্তী কঢ়ালী গধৰীয়া প্ৰাথমিক বিদ্যালয়ত ড০ ভূপেন হাজৰিকা কলা বীথিকা বিদ্যালয়ত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাসে৷ কলা বীথিকা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী নিৰুপমা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা৷
কলা বিথিকা বিদ্যালয়ৰ উপাধ্যক্ষ ধৰণী শইকীয়াই আঁতধৰা সভাত বিশিষ্ট অভিনেতা, নাট্যকাৰ তথা পৰিচালক মৃণাল কুমাৰ বৰা, কবি-শিক্ষক বসন্ত কৌশিক ভাগৱতী, জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাস আৰু পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সম্পাদক দিব্যজ্যোতি ভূঞাই সুধাকণ্ঠৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে৷ বিদ্যালয়ৰ অধ্যক্ষ নয়ন মণি বৰাই শলাগৰ শৰাই আগবঢ়োৱা সভাত কলা বীথিকা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত সকলকো বঁটা প্ৰদান কৰা হয়৷
ইয়াৰোপৰি পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ অধীনস্থ সংগীত বিদ্যালয়, অবিনশ্বৰ গোষ্ঠী, অৰ্নিবান গোষ্ঠী, পুৰণিগুদাম গড়মূৰ, জ্যেষ্ঠ নাগৰিক সন্মিলনী, পদ্মজ্যোতি আঞ্চলিক চ'ৰা আৰু অভিনৱ সাংস্কৃতিক সমন্বয় সমাজ পদুমনি, ভৰাগুৰি যুৱ বিকাশ মঞ্চ আদিৰ লগতে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ বিভিন্ন স্থানত আজি দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠৰ স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়৷৷