কোনো চুৰি কৰিছিল ড০ ভূপেন হাজৰিকাৰ ডিঙিৰ গামোচা

কামপুৰঃ নিশা কোনে চুৰি কৰিছিল সুধাকন্ঠ ড০ ভূপেন হাজৰিকৰ ডিঙিৰ গামোচা খন৷ তাক লৈ এতিয়া ব্যাপক চৰ্চা তথা চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁও জিলাৰ কামপুৰত৷ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিৰ পৰা এখন ফুলাম গামোচা চুৰি হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

দেওবাৰে সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰৰ গাৰুখুন্দাতো ব্যাপক উলাহ-মালহেৰে পালন কৰিছিল বিশ্ব বিশ্ৰুত শিল্পী অসমীয়াৰ হিয়াৰ আমঠু সুধাকন্ঠ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী৷ কামপুৰৰ গাৰুখুন্দাত অমৰ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পুৱাই নৈৰ পাৰত গাইছিল বহু লোকে৷

দেওবাৰে পুৱাই কামপুৰৰ কপিলী নৈৰ পাৰত আৱাল, বৃদ্ধ বনিতাই মানুহে মানুহৰ বাবে কালজয়ী গীত গাই সুধাকণ্ঠক স্মৰণ কৰিছিল৷ জাতি জনগোষ্ঠী মিলনৰ ভূমি গাৰুখুন্দাৰ ৰাইজে পুৱাই এক ব্যতিক্ৰমী কাৰ্যসূচীৰে সুধাকণ্ঠৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উদযাপন কৰে।

আৱক্ষ প্ৰতিমূৰ্তিত পুৱাই জল স্নান কৰাৰ পিছতে থলুৱা গামোচাৰ লগতে কাৰ্বি গামোচাৰে শ্ৰদ্ধঞ্জলি যাচিছিল সুধাকন্ঠক। কিন্তু দেওবাৰৰ নিশা সুধাকণ্ঠৰ আৱক্ষ মূৰ্তিৰ পৰা কোনো লোকে দুয়োখল গামোচা লৈ যায়৷ ভাবি চালে গামোচা নিয়া ঘটনা বহু ডাঙৰ কথা নহয় যদিও এই ঘটনাক সহজে লোৱা নাই ৰাইজে৷ সুধাকন্ঠক অপমান কৰা কোনো কাণ্ডই সহ্য নকৰো বুলি ক্ষোভিত হৈ পৰে ৰাইজ৷ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে স্থানীয় লোকৰ লগতে কামপুৰবাসীয়ে। ৰাইজে ইয়াৰ ৰাজহুৱা বিচাৰ কৰিব বুলিও জানিব পৰা গৈছে৷