
নগাঁওঃ ৰাজ্যত আকৌ চালক হত্যা৷ এইবাৰ নগাঁৱত চালকক হত্যা কৰি গাড়ী লৈ উধাও হ’ল৷ নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইডঙীয়াৰ এখন পথাৰত আজি পুৱা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে এজন গাড়ী চালকৰ মৃতদেহ। ডিঙিত কাপোৰেৰে মেৰিয়াই, হাত-ভৰি ৰচীৰে বান্ধি থোৱা অৱস্থাত গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো।
লগে লগে স্থানীয় লোকে জাজৰি আৰক্ষীক খবৰ দিয়াত অাৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। আৰক্ষীয়ে পৰৱৰ্তী সময়ত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে লোকজন শিৱসাগৰ অাৰক্ষী থানাৰ অন্তৰ্গত কমাৰপতীয়া গাঁৱৰ গোপাল দাস। পেছাত এজন গাড়ীচালক। দাসে চালকৰূপে থকা AS04-S-2575 নম্বৰৰ তিয়াগো’ গাড়ীখন এটা দুৰ্বৃত্তৰ দলে শিৱসাগৰ নগৰৰ পৰা নগাঁৱলৈ বুলি ভাড়াত লৈ আহিছিল আৰু অাজি পুৱা নগাঁৱৰ ৰাইডঙীয়াত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ’ল লোকজনৰ মৃতদেহ।
ইপিনে, শিৱসাগৰৰ পৰা নগাঁও অভিমুখে যাত্ৰা কৰাৰ পৰবৰ্তি সময়ত পৰিয়ালৰ লোকে গোপাল দাসৰ একো যোগাযোগ কৰিব পৰা নাছিল। শেষত তেওঁৰ কোনো কোনো শুংসূত্ৰ লাভ নকৰি পৰিয়ালৰ লোকে যোৱা নিশাই শিৱসাগৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছিল।
আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, দুৰ্বৃত্তৰ দলটোৱে নিশা নগাঁৱত উপস্থিত হৈ গাড়ীচালকজনক হত্যা কৰি ৰাইডংগীয়াৰ পথাৰত পেলাই থৈ যোৱাৰ লগতে গাড়ীখন লৈ পলাই যায়। আৰক্ষীয়ে সম্প্ৰতি সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত জোৰদাৰ তদন্ত চলাই আছে যদিও অপৰাধীকেইটা অথবা গাড়ীখনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷