আৰক্ষীৰ জালত বেংক একাউন্টৰ টকা খোৱা ডিজিটেল চোৰ, নিশাৰ ভিতৰতে হৈছিল সদাগৰ

নগাঁওঃ ৰাজ্যৰ শ-শ লোকক লুটি ধন ঘটা এটি ডিজিটেল চোৰৰ চক্ৰক অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ বহু কষ্টৰে আনে বেংকত জমা কৰা টকা কেইটা বেংকৰ একাউন্ট হেক কৰি ট্ৰান্সফাৰ কৰি নিয়াত সিদ্ধহস্ত এই দলটোৰ ৫গৰাকী লোক ধৰা পৰে নগাঁৱত৷

কেৱল নগাঁও জিলাতে প্ৰায় ৩০ লাখ টকা বেংকৰ একাউন্ট হেক কৰি লুটি নিয়া ৫গৰাকী হেকাৰৰ মাষ্টৰ  নগাঁও আৰক্ষীৰ জালত পৰে৷ পাঁচটাকৈ অনলাইন হেকাৰক আটক কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ নগাঁও জিলাত একাউন্ট হেক কৰি টকা লুটি নিয়াৰ প্ৰায় ১০৫টা গোচৰ ৰুজু হৈ আছে বেংকৰ গ্ৰাহকৰ৷ যোৱা তিনিমাহৰ ভিতৰত নগাঁও জিলাৰ ৫৬জন বেংক গ্ৰাহকৰ পৰা প্ৰায় ৩০ লাখ টকা সৰকাই নিছিল হেকাৰকেইজনে।

ধৃত হেকাৰ কেইজন হৈছে কামপুৰ বকুলগুৰিৰ ৰছিদ আহমেদ বৰভূঞা, ছৰিফউদ্দিন লস্কৰ, ছৈয়দ আহমেদ লস্কৰ, নুৰ আহমেদ বৰভূঞা আৰু কঠিয়াতলীৰ বিশ্বজিৎ দে'। ধৃত আটাইকেইজন যুৱকেই তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ উচ্চ শিক্ষিত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, নগাঁও প্ৰশাসনে বেংকৰ গ্ৰাহকে অভিযোদ দিয়াৰ পিছতো সমস্ত ঘটনাক গুৰুত্ব সহকাৰে লৈছিল৷ জিলা আৰক্ষী প্ৰশাসনে গঠন কৰিছিল টাক্স ফ'ৰ্চে গঠন কৰিছিল৷

প্ৰায় দুমাহ ধৰি গোপনে চলাইছিল অভিযান৷ প্ৰথমাৱস্থাত এই কাণ্ড আন ৰাজ্য নতুবা বিদেশত সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছিল৷ কিন্তু দীৰ্ঘ তদন্তৰ অন্তত থাতাং হৈছিল এই দলটো নগাঁও চহৰৰ ওচৰে-পাজৰে থিতাপি লৈ থকা বুলি৷ বিশেষজ্ঞৰ সহায় লৈ বেংকৰ একাউন্টৰ দাতাৰ সহায়ত এই তথ্য পোহৰলৈ আহিছিল৷ নগাঁও আৰক্ষীয়ে হেকাৰ কেইজনৰ ১১টা বেংক একাউণ্ট, ৮০ খন ছিমকাৰ্ড, লেপটপ আদি জব্দ কৰিবলৈ সক্ষম। নগাঁও আৰক্ষীয়ে মঙলবাৰে সংবাদমেলযোগে সদৰী কৰে